শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৪ ফুট উচ্চতালৈ উঠিছে ঢৌ! প্ৰবল ভূমিকম্পৰ পিছত বিশ্বৰ এইসমূহত দেশত ছুনামী…

আলাস্কা আৰু হাৱাইত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। এই ছুনামী কিমান ডাঙৰ হ’ব পাৰে সেয়া ভৱিষ্যদ্বাণী কৰা সম্ভৱ নহয়, তথাপিও ছুনামী অহাতো নিশ্চিত বুলি কৈছে সতৰ্কবাণী কেন্দ্ৰসমূহে ।ইতিমধ্যে  ছুনামীৰ প্ৰথমটো ঢৌৱে আলাস্কাৰ পশ্চিম উপকূলৰ আলেউটিয়ান দ্বীপপুঞ্জত আঘাত হানিছে।

১৪ ফুট উচ্চতালৈ উঠিছে ঢৌ! প্ৰবল ভূমিকম্পৰ পিছত বিশ্বৰ এইসমূহত দেশত ছুনামী…
ছুনামীImage Credit source: X
Trishna Kalita
Trishna Kalita | Published: 30 Jul 2025 13:17 PM

ৰাছিয়াত ভয়ংকৰ ভূমিকম্প জোকাৰি গৈছে সমগ্ৰ দেশখন ।  ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত সৃষ্টি হৈছে ছুনামীৰ । ৰাছিয়াৰ পূব উপকূলত বিশাল ঢৌৱে আঘাত হানিছে। কেৱল ৰাছিয়াই নহয়, আলাস্কা, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলতো পৰিছে ছুনামীৰ প্ৰভাৱ। এই ছুনামীয়ে ক’ত আৰু কেতিয়া আঘাত কৰিছে জানি লওক-

আলাস্কা আৰু হাৱাইত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। এই ছুনামী কিমান ডাঙৰ হ’ব পাৰে সেয়া ভৱিষ্যদ্বাণী কৰা সম্ভৱ নহয়, তথাপিও ছুনামী অহাতো নিশ্চিত বুলি কৈছে সতৰ্কবাণী কেন্দ্ৰসমূহে ।ইতিমধ্যে  ছুনামীৰ প্ৰথমটো ঢৌৱে আলাস্কাৰ পশ্চিম উপকূলৰ আলেউটিয়ান দ্বীপপুঞ্জত আঘাত হানিছে। ছুনামীৰ ঢৌৰ উচ্চতা আছিল ৪ ফুট। আলাস্কাৰ দক্ষিণ-পূব উপকূলত ১২:৪৫ৰ পৰা ১:৫৫ বজাৰ ভিতৰত ছুনামীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

হাৱাইত অবিৰতভাৱে বাজি আছে ছুনামীৰ ছাইৰেন। স্থানীয় সময় অনুসৰি ১:১৫ বজাত তাত ছুনামী আহিব বুলি জানিব পৰা গৈছে। ভয়ংকৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে উপকূলীয় অঞ্চলত । ইতিমধ্যে খালী কৰা হৈছে উপকূলীয় অঞ্চলটো । হাৱাইত জৰুৰীকালীন আশ্ৰয় শিবিৰও মুকলি কৰা হৈছে।

ইয়াৰ উপৰিও অৰেগনৰ ৱাশ্বিংটনত ছুনামীৰ আশংকা আছে। স্থানীয় সময় অনুসৰি ২:৩৫ৰ পৰা ২:৫৫ বজাৰ ভিতৰত (ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২:০৫ৰ পৰা ১২:২৫ বজালৈ) ছুনামীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

উত্তৰ কেৰ’লিনাত ২:৫০ বজাত (ভাৰতৰ সময় অনুসৰি ১২:২০) ছুনামী আহিব পাৰে। ৩:৪০ (ভাৰতীয় সময় অনুসৰি ১:১০) বজাত ছান ফ্ৰান্সিস্কোত ছুনামী আহিব। দক্ষিণ কেলিফৰ্ণিয়াত পুৱা প্ৰায় ৪ বজাত (ভাৰতীয় সময় অনুসৰি ১:৩০ বজাত) ছুনামীৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বাসিন্দাসকলক উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ছুনামীৰ সময়ত নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়া হৈছে।