শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহিছে নতুন সুবিধা! টকা জমা ৰাখিবলৈ এতিয়া আৰু বেংকত নালাগে শাৰী পাতিব…

বৰ্তমান ডিজিটেলৰ যুগ। আজিকালি বহুতে বেংকৰ কাম অনলাইনৰ জৰিয়তে কৰে। কিন্তু তথাপিও একাংশই বেংকলৈ যোৱা পচন্দ কৰে। ইয়াৰ মাজতে আহিছে এক নতুন ব্যৱস্থা।

আহিছে নতুন সুবিধা! টকা জমা ৰাখিবলৈ এতিয়া আৰু বেংকত নালাগে শাৰী পাতিব…
ইউ পি আইImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 15 Jul 2025 14:00 PM

বৰ্তমান ডিজিটেলৰ যুগ। আজিকালি প্ৰায় সকলো কাম অনলাইনৰ জৰিয়তে হয়। শাক-পাচলি বিক্ৰেতাৰ পৰা আৰম্ভ কৰি কাপোৰ ক্ৰয় কৰা বা টকাৰ লেনদেন প্ৰায় সকলো ক্ষেত্ৰতে UPI  ব্যৱহাৰ কৰা হয়। UPI ব্যৱহাৰৰ প্ৰক্ৰিয়া অতি সহজ, যাৰ যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ সকলোলে টকাৰ লেনদেন কৰাৰ ক্ষেত্ৰত UPI ব্যৱহাৰ কৰে। বেছিভাগ মানুহে টকা হাতত লৈ ঘূৰাৰ সমস্যাৰ পৰা বিৰত থাকিবলৈ এই সেৱা গ্ৰহণ কৰে।

কিন্তু যেতিয়া নগদ ধন জমা থোৱাৰ সময় আহে তেতিয়া সমস্যা আহি পৰে। কিয়নো নগদ ধন জমা ৰাখিবলৈ বহুতে শাৰী পাতিবলগীয়া হয়। বেংকত বিভিন্ন কামৰ বাবে শাৰী পাতি থকা সাধাৰণ কথা।  ভাৰতত ডিজিটেল বিপ্লৱৰ পিছত বেংকৰ দীঘলীয়া শাৰী কিছু হ্ৰাস পায়। কিন্তু সকলো ডিজিটেল হোৱাৰ পাছতো বহুতে বেংকলৈ গৈ ধন উলিওৱা বা জমা কৰা পচন্দ কৰে। বেছিভাগ বৃদ্ধলোকে পেঞ্চনৰ কামত বা বেংকৰ বিভিন্ন কাম কৰিবলৈ শাখালৈ যায়। এনে অৱস্থাত অলপ পইচা জমা কৰিবলৈও মানুহে দীঘলীয়া শাৰী পাতিব লাগে।

ধন উলিয়াওতে এই দীঘলীয়া শাৰীৰ পৰা হাত সাৰিবলৈ মানুহে এটিএমৰ পৰা ধন উলিয়ায় বা বিভিন্ন ক্ষেত্ৰত ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰে। কিন্তু প্ৰশ্ন হয়, নগদ ধন জমা কৰাৰ ক্ষেত্ৰত বেংকত শাৰী পাতি নোযোৱাকৈ কি কৰিব পাৰি? উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰো আছে এক উপায়।  ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া এই অসুবিধা দূৰ কৰাৰ ব্যৱস্থা হাতত লৈছে। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৱে UPI-ICD বা Interoperable Cash Deposit নামৰ ব্যৱস্থা আৰম্ভ কৰিছে।

এই পদ্ধতিৰ অধীনত যিকোনো এটিএমত নগদ ধন জমা কৰিব পাৰিব। আপুনি এবাৰ ATM মেচিনত UPI-ICD বিকল্প নিৰ্বাচন কৰিলে, এটা QR ক’ড ওলাব। আপুনি সেই QR ক’ডটো UPI এপৰ জৰিয়তে স্কেন কৰি তাত আপোনাৰ একাউণ্টৰ সবিশেষ দিব লাগিব। তাৰ পিছত, আপুনি টকা জমা কৰা ঠাইত নগদ ধন জমা কৰিব লাগিব। আৰু তেতিয়াহে সেই বেংক একাউণ্টত ধন জমা হ’ব। গতিকে এই পদ্ধতিৰ জৰিয়তে এতিয়া মানুহে অতি সহজে ধন জমা ৰাখিব পাৰিব।

 

 

অন্য খবৰ পঢ়কঃ অৰুণাচল প্ৰদেশত হত্যা অসমৰ ২ যুৱকক, পথ অৱৰোধ মিচিং সম্প্ৰদায়ৰ একাংশ সংগঠনৰ…