অৰুণাচল প্ৰদেশত হত্যা অসমৰ ২ যুৱকক, পথ অৱৰোধ মিচিং সম্প্ৰদায়ৰ একাংশ সংগঠনৰ…
পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হত্যা অসমৰ যুৱকক। জানিব পৰা মতে, তাদাৰ ভাই নামৰ এজন যুৱকে মিচিং সম্প্ৰদায়ৰ এজন যুৱকক গুলীয়াই হত্যা কৰে।

পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হত্যা অসমৰ যুৱকক। জানিব পৰা মতে, যোৱা ১৩ জুলাইত অৰুণাচলৰ ৰয়িঙৰ কেবালি অঞ্চলত কৰ্মৰত এজন মিচিং যুৱকক গুলীয়াই হত্যা কৰে অৰুণাচলী যুৱকে। এই গুলীচালনাৰ ফলত নিহত হয় শংকৰ পেগু (২৯) নামৰ যুৱকজন। অভিযোগ অনুসৰি, কাম সংক্ৰান্তত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছত অৰুণাচলৰ তাদাৰ ভাই নামৰ যুৱকজনে শংকৰ পেগুক গুলী মাৰে।
মূৰ আৰু ভৰিত গুলী মৰাৰ পাছতে তাদাৰ ভাই তেওঁক ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত নাহৰলগুনৰ TRIHMS লৈ যায়। য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই ঘটনাৰ পাছতে তাদাৰ ভাই আত্মসমৰ্পন কৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ বিৰুদ্ধে ৰয়িং থানাত অস্ত্ৰ আইনৰ ১০৩(১) বিএনএছ (হত্যা) আৰু ২৭(১) ধাৰাত গোচৰ ৰুজু কৰা হয়।
এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি আজি ১৫ জুলাইত অসমৰ মিচিং সম্প্ৰদায়ৰ কেইবাটাও সংগঠনে অসম-অৰুণাচল প্ৰদেশ সংযোগী পথত অনিৰ্দিষ্টকালীন পথ অৱৰোধ ঘোষণা কৰিছে। এই সংগঠন কেইটাই শেহতীয়াকৈ অৰুণাচলত সংঘটিত হোৱা দুটাকৈ হত্যাকাণ্ডৰ ন্যায় বিচাৰি পথ অৱৰোধ কৰে।
উল্লেখ্য যে, ১৩ জুলাইত শংকৰ পেগু হত্যা কাণ্ডৰ বলি হোৱাৰ বিপৰীতে কিছুদিন পূৰ্বে প্ৰভাশ ডলে (২২) নামৰ আন এজনে প্ৰাণ হেৰুৱাইছিল। এই দুই যুৱকৰ হত্যাৰ ন্যায় বিচাৰি আজি টকম মিছিং পোৰিন কেবাং (টিএমপিকে), মিছিং মিমাগ কেবাং (এমএমকে) আৰু টাকাম মিছিং মিমে কেবাং (টিএমএমকে)ৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।
টিএমপিকেৰ সভাপতি তিলক ডলেই জনোৱা মতে, মঙলবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালী পথ অৱৰোধৰ জৰিয়তে বান্দৰদেৱা, হোলোংগী, লিকাবালি, ৰয়িং (শান্তিপুৰ), নামছাই (দিৰাক), গেৰুকামুখ আদিকে ধৰি অসম আৰু অৰুণাচলৰ মাজৰ সকলো চেক গেট সামৰি লোৱা হ’ব। ইয়াৰোপৰি প্ৰভাশ ডলেৰ মৃত্যু সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ গৃহ সচিবক এখন স্মাৰক পত্ৰ দাখিল কৰাৰ কথাও অৱগত কৰে তেওঁ। নেতাগৰাকীয়ে কয় যে, গৃহ সচিবে আশ্বাস দিছিল যে ঘটনা সন্দৰ্ভত নাগৰিক সমাজৰ গোট আৰু ছাত্ৰ সংগঠনৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’ব। কিন্তু আজি পৰ্যন্ত কোনো বৈঠক অনুষ্ঠিত নহ’ল।
উল্লেখ্য যে, যোৱা ১৮ জুনত ইটানগৰৰ সমীপৰ চিম্পুত টাই জন নামৰ এজন যুৱকে প্ৰভাশ ডলেক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ ১৩ জুলাইক এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। হত্যাকাণ্ডক “নিষ্ঠুৰ” আৰু “নিৰ্দয়” বুলি অভিহিত কৰি সংগঠনকেইটাই অৰুণাচল প্ৰদেশ চৰকাৰক তাৎক্ষণিক ন্যায় আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ দাবী জনাইছে।
অন্য খবৰ পঢ়কঃ অৰুণাচলত অসমৰ যুৱকক হত্যাৰ পৰা বিশ্বলৈ…কেইটামান গুৰুত্বপূৰ্ণ খবৰ…