শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেতিয়া মুকলি কৰা হ’ব iPhone 16 ! জানক ইয়াৰ বৈশিষ্ট্যসমূহ…

iPhone 16 ছিৰিজত এপলে iPhone 15 ৰ দৰে চাৰিটা ফোন লঞ্চ কৰিব পাৰে। ইয়াত iPhone 16 Pro ত 6.3 ইঞ্চিৰ স্ক্ৰীণ, iPhone 16 Pro Max ত 6.9 ইঞ্চিৰ স্ক্ৰীণ প্ৰদান কৰিব পাৰে । আনহাতে iPhone 16 আৰু iPhone 16 প্লাছত কোম্পানীটোৱে iPhone 15 আৰু iPhone 15 প্লাছৰ দৰে একে আকাৰৰ স্ক্ৰীণ প্ৰদান কৰিব পাৰে।

কেতিয়া মুকলি কৰা হ’ব iPhone 16 ! জানক ইয়াৰ বৈশিষ্ট্যসমূহ…
iPhone 16
manas-borah
Manas Borah | Updated On: 25 Aug 2024 11:27 AM

সকলো জল্পনা-কল্পনা অন্ত পৰিল, অৱশেষত মুকলি হ’বলৈ গৈ আছে iPhone 16 । বহু গ্ৰাহকে iPhone 16 ৰ বাবে অপেক্ষা কৰি আছিল । এই অপেক্ষা অন্ত পেলাই শেহতীয়াকৈ iPhone 16 ৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে ব্লুমবাৰ্গৰ গুৰমানে। ইয়াৰোপৰি iPhone 16 ৰ বৈশিষ্ট্যসমূহৰ বিষয়েও তথ্য প্ৰদান কৰিছে। যদি আপুনি iPhone চলাই ভাল পায় তেন্তে আপুনি iPhone 16 ৰ বৈশিষ্ট্য সমূহ জানিবলৈ আগ্ৰহী হৈ আছে ।

iPhone 16 ছিৰিজত এপলে iPhone 15 ৰ দৰে চাৰিটা ফোন লঞ্চ কৰিব পাৰে। ইয়াত iPhone 16 Pro ত 6.3 ইঞ্চিৰ স্ক্ৰীণ, iPhone 16 Pro Max ত 6.9 ইঞ্চিৰ স্ক্ৰীণ প্ৰদান কৰিব পাৰে । আনহাতে iPhone 16 আৰু iPhone 16 প্লাছত কোম্পানীটোৱে iPhone 15 আৰু iPhone 15 প্লাছৰ দৰে একে আকাৰৰ স্ক্ৰীণ প্ৰদান কৰিব পাৰে।

iPhone 16 ছিৰিজত উপলব্ধ ফিচাৰৰ কথা ক’বলৈ গ’লে এইবাৰ এপলে এই দুয়োটা ফোনতে একচন বুটাম দিব পাৰে । উল্লেখ্য যে, আগতে এপলে কেৱল iPhone 15 প্ৰ’ আৰু প্ৰ’ মেক্সতহে একচন বুটাম প্ৰদান কৰিছিল। এপলৰ একচন বুটামৰ সহায়ত ব্যৱহাৰকাৰীয়ে তৎক্ষণাত ফটো আৰু ভিডিঅ’ কেপচাৰ কৰিব পাৰে।

iPhone 16ৰ কেমেৰাত এপলে বিশেষ পৰিৱৰ্তন কৰিবলৈ যোৱা নাই যদিও নিশ্চিতভাৱে কিছুমান ভাল কাম কৰিছে ।iPhone 16 আৰু iPhone 16 প্লাছৰ বাবে প্ৰাইমেৰী কেমেৰা iPhone 15 লাইনআপত পোৱা একেটা 48 MP চেন্সৰৰ দ্বাৰা চালিত হ’ব যদিও শেহতীয়াকৈ এপল ইনচাইডাৰৰ লিক অনুসৰি আল্ট্ৰাৱাইড চেন্সৰটো f/2.4 লৈ সলনি কৰা হ’ব পাৰে । iPhone 15 ৰ f/2.4 ৰ ফাষ্ট এপাৰচাৰ ৰেট 2.2 বুলি কোৱা হৈছে, যাৰ অৰ্থ হ’ল ই অধিক পোহৰ ধৰিব পাৰিব আৰু কম পোহৰৰ ভাল শ্বট ক্লিক কৰিব পাৰিব।