বেছিকৈ REEL চোৱাৰ অভ্যাস আছে নেকি? তেন্তে বিপদত পৰিব পাৰে আপুনি!
বৰ্তমান ছ’চিয়েল মিডিয়াৰ যুগ! Shorts বা Reel চাই সকলোৱে সময় কটায়। কিন্তু আপুনি জানেনে ইয়াৰ ফলত মানৱ দেহৰ কিমান অপকাৰ হৈছে?

ছ’চিয়েল মিডিয়াত Shorts বা Reel চাই সকলোৱে আনন্দ লয়। আজৰি সময়ত আন আন কাম কৰাৰ পৰিৱৰ্তে ৰীল চাই ভাল পায়। কিন্তু সকলো সময়ত ৰীল চোৱাটো কিমান বিপদজনক আপুনি জানেনে? শেহতীয়াকৈ কৰা এক গৱেষণাত পোৱা গৈছে যে, Reel চোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এনে ক্ষেত্ৰত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে। মোবাইলত বেছি সময় কটালে টোপনিৰ গুণাগুণ ক্ষতিগ্ৰস্ত হয় আৰু হৃদযন্ত্ৰ আৰু মগজুত বেয়া প্ৰভাৱ পেলায়।
যদি যুৱক-যুৱতীসকলে শুই উঠিয়েই মোবাইলত অধিক সময় কটায়, তেন্তে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মানুহে কম শাৰীৰিক কাৰ্যকলাপেৰ বাবে আজিকালি বেমাৰ বেছি বৃদ্ধি পাইছে। শুই উঠাৰ সময়ত Shorts বা Reel চোৱাটো আমাৰ মানসিক আৰু শাৰীৰিক ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। আচলতে বেছিভাগ মানুহেই শুই থকা অৱস্থাত Shorts বা Reel চায়, যিটো ভুল। আমি যিমানেই ইয়াৰ পৰা আঁতৰি থাকিম সিমানেই আমাৰ শৰীৰ সুস্থ হৈ উঠিব।
আমি যিমান পাৰো আজৰি সময়ত খেল-ধেমালি, কিতাপ পঢ়া আদি কাম কৰাটো গুৰুত্বপূৰ্ণ। ই আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰে। দিনটোৰ বেছি সময় মোবাইলত ৰীল চাই থাকিলে মগজু আৰু চকুৱে জিৰণি নাপায়। ইয়াৰ ফলত মূৰৰ বিষ, চকুৰ সমস্যাই দেখা দিব পাৰে। গতিকে সাৱধান, সকলো বস্তু অত্যাধিক ব্যৱহাৰ কৰাৰ পূৰ্বে বহুবাৰ ভাৱক।