৫ বছৰৰ পিছত পুনৰ ভাৰতলৈ ঘূৰি আহিব নেকি টিকটক? ৱেবছাইটটো সুলভ হোৱাৰ পাছতে আৰম্ভ জল্পনা-কল্পনা !
বহু ব্যৱহাৰকাৰীয়ে টিকটক ৱেবছাইটত ভিজিট কৰিব পাৰিছে বুলি খবৰ প্ৰকাশ পাইছে। যিটো খবৰক লৈ নেটিজেনৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। সঁচাকৈ ভাৰতলৈ পুনৰ ঘূৰি আহিব নেকি টিকটক?

পুনৰ ভাৰতত উপলদ্ধ হ’ব নেকি টিকটক? এইলৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। কিয়নো বহু ব্যৱহাৰকাৰীয়ে টিকটক ৱেবছাইটত ভিজিট কৰিব পাৰিছে বুলি খবৰ প্ৰকাশ পাইছে। যিটো খবৰক লৈ নেটিজেনৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। সঁচাকৈ ভাৰতলৈ পুনৰ ঘূৰি আহিব নেকি টিকটক?
NDTV ৰ এক প্ৰতিবেদন অনুসৰি, চীনৰ ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম টিকটকৰ ৱেবছাইটটো শুকুৰবাৰে বহু ব্যৱহাৰকাৰীৰ বাবে প্ৰৱেশযোগ্য হৈ পৰিছিল যদিও ইয়াৰ মোবাইল এপ্লিকেচনটো এতিয়া উপলব্ধ নহয়। লক্ষনীয়ভাৱে ২০২০ চনত চৰকাৰে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি ভাৰতত টিকটক নিষিদ্ধ কৰিছিল।
চীনৰ কোম্পানীটোৰ বিৰুদ্ধে কোনো ধৰণৰ বাধা প্ৰত্যাহাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। টিকটকৰ মূল সত্তা বাইটডান্সেও ভাৰতত নিজৰ কাম-কাজ সন্দৰ্ভত কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই।
গলৱান উপত্যকাত সংঘৰ্ষৰ কিছুদিন পিছত ২০২০ চনৰ ২৯ জুনত ভাৰতে এই এপটো নিষিদ্ধ কৰিছিল। এই সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল। ভাৰত-চীনৰ সম্পৰ্ক অৱনতি হোৱাৰ পিছতে দেশত ৱেবছাইটটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে ভাৰতে।
শেহতীয়া চীন ভাৰতৰ সম্পৰ্ক
ইফালে, মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। ৱাঙে টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া এছচিঅ’ শীৰ্ষ সন্মিলনলৈ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বাৰ্তা আৰু আমন্ত্ৰণ জনোৱা কথা প্ৰকাশ কৰে।
ভাৰত আৰু চীনে মঙলবাৰে সীমান্তত যৌথভাৱে শান্তি বজাই ৰখা, সীমান্ত বাণিজ্য পুনৰ মুকলি কৰা, বিনিয়োগৰ প্ৰবাহক প্ৰসাৰিত কৰা আৰু অতি সোনকালে প্ৰত্যক্ষ বিমান সংযোগ পুনৰ আৰম্ভ কৰাকে ধৰি সুস্থিৰ আৰু সহযোগিতামূলক সম্পৰ্কৰ আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
একে সময়তে চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত আমেৰিকাই আৰোপ কৰা শুল্কক গৰিহণা দিয়ে। তেওঁ কয়, “আমেৰিকাই ভাৰতৰ ওপৰত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিছে, আনকি অধিক আৰোপ কৰাৰ ভাবুকিও দিছে। চীনে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে।”