ছেপ্টেম্বৰৰ পৰা নাপাব আধাৰ কাৰ্ড, আজিয়ে অনলাইন আবেদন কেনেকৈ কৰিব ? সম্পূৰ্ণ প্ৰক্ৰিয়া জানক…
আধাৰ কাৰ্ড প্ৰত্যেকজন ভাৰতীয় পৰিচয় প্ৰমাণৰ অন্যতম নথি হিচাপে পৰিগণিত হৈ আহিছে। যদি আপুনি আধাৰ কাৰ্ডৰ বাবে এতিয়াও আবেদন কৰা নাই বা লাভ কৰা নাই তেন্তে অনলাইনত আজিয়ে কেনেকৈ আবেদন কৰিব পাৰি জানক।

অনুপ্ৰৱেশকাৰীক চিনাক্ত তথা অনুপ্ৰৱেশ ৰোধ কৰাৰ অসম চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ছেপ্টেম্বৰৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকক নতুনকৈ দিয়া নহয় আধাৰ কাৰ্ড। কিন্তু একে সময়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ কৰ্মীসকলক এই নিয়মৰ পৰা ৰেহাই দিয়াৰ লগতে আধাৰ আবেদনৰ বাবে অতিৰিক্ত ১ বছৰ সময় দিয়া হ’ব। কোৱা হৈছে যে, বিশেষ ক্ষেত্ৰত জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে আধাৰ কাৰ্ড প্ৰদান কৰা হ’ব। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই, তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিব লাগিব।
আধাৰ কাৰ্ড প্ৰত্যেকজন ভাৰতীয় পৰিচয় প্ৰমাণৰ অন্যতম নথি হিচাপে পৰিগণিত হৈ আহিছে। যদি আপুনি আধাৰ কাৰ্ডৰ বাবে এতিয়াও আবেদন কৰা নাই বা লাভ কৰা নাই তেন্তে অনলাইনত আজিয়ে কেনেকৈ আবেদন কৰিব পাৰি জানক। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে ভাৰত চৰকাৰৰ হৈ প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে ১২ টা সংখ্যাৰ আধাৰ নম্বৰ প্ৰদান কৰে। আধাৰ কাৰ্ডৰ বাবে সকলো ব্যক্তিয়ে নামভৰ্তি কৰিব পাৰে।
আবেদন কৰাৰ প্ৰক্ৰিয়া জানক
প্ৰথমে আপোনাৰ ব্ৰাউজাৰত “uidai.gov.in” টাইপ কৰক আৰু Enter টিপক।
হোম পেজ খোলাৰ পিছত আধাৰ Enrolment অংশটো বিচাৰিবলৈ তললৈ স্ক্ৰল কৰক। লিংক এটা থাকিব য’ত লিখা থাকিব “Apply for Aadhaar” বা “Get New Aadhaar”। ইয়াত ক্লিক কৰক।
এতিয়া নতুন পেজ খোল খাব। ইয়াত আপুনি নিজৰ বিষয়ে সবিশেষ থকা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। নাম, জন্ম তাৰিখ, ঠিকনা আৰু অন্যান্য প্ৰাসংগিক তথ্য দিব লাগিব ৷
সবিশেষ পূৰণ কৰাৰ পাছত আপুনি আপোনাৰ ওচৰৰ “Enrolment Centre” বাছনি কৰিব লাগিব। আপোনাৰ ওচৰৰ কেন্দ্ৰ এটা বিচাৰিবলৈ আপোনাৰ এলেকাৰ পিন ক’ড ব্যৱহাৰ কৰক যাতে সহজে সেৱা লাভ কৰিব পাৰে।
এতিয়া আপুনি সুবিধা মতে তাৰিখ আৰু সময় নিৰ্বাচন কৰি আগতীয়াকৈ এপইণ্টমেণ্ট গ্ৰহণ কৰক ৷
সেৱা কেন্দ্ৰলৈ যোৱা দিনা সকলো প্ৰয়োজনীয় নথি-পত্ৰ লগত লৈ যাব । এজন বিষয়াই আপোনাৰ কাগজ-পত্ৰ পৰীক্ষা কৰিব আৰু আঙুলিৰ ছাপৰ লগতে বায়’মেট্ৰিক ডাটা গ্ৰহণ কৰিব।
নামভৰ্তিৰ পিছত নামভৰ্তিৰ নম্বৰ থকা এখন স্লিপ দিয়া হ’ব(Acknowledgement Slip)। এই নম্বৰৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ আবেদনৰ অৱস্থা অনলাইনত পৰীক্ষা কৰিব পাৰিব।
নতুন আধাৰ কাৰ্ডৰ বাবে কোনবোৰ নথিৰ প্ৰয়োজন?
পৰিচয়ৰ প্ৰমাণৰ বাবে পাছপ’ৰ্ট, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স ইত্যাদি ল’ব পাৰে।
ঠিকনাৰ প্ৰমাণৰ বাবে ৰেচন কাৰ্ড, বেংক ষ্টেটমেণ্ট, ইউটিলিটি বিল আদি ল’ব পাৰে।
জন্ম তাৰিখৰ প্ৰমাণৰ প্ৰমাণ পত্ৰ, দশম মানৰ মাৰ্ক শ্বীট, পাছপ’ৰ্ট আদি ল’ব পাৰে।