T-20 বিশ্বকাপঃ নতুন অধিনায়কৰ সৈতে অষ্ট্ৰেলিয়া ক্ৰিকেট দল ঘোষণা
এইবাৰৰ টি-২০ বিশ্বকাপৰ আয়োজত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা। এইবাৰ টি-২০ বিশ্বকাপত ২০ টা দলে অংশ গ্ৰহণ কৰিব। ১ জুনত আৰম্ভ হোৱা এই খেল ২০জুনলৈ চলিব।

সময় বাগৰাৰ লগে লগে ঘোষণা হৈ আছিল টি-২০ বিশ্বকাপৰ বাবে দলসমূহৰ নাম। ইংলেণ্ড, ইণ্ডিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাৰ পাছত ২০২১ চনৰ চেম্পিয়ন অষ্ট্ৰেলিয়াইও ১৫ জন খেলুৱৈৰ নাম প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়া দলটোৱে এইবাৰ লাভ কৰিলে নতুন কেপ্তেইন।
টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়া দলৰ অধিনায়ক হিচাপে মিচেল মাৰ্চক বাচনি কৰা হৈছে। ষ্টিভ স্মিথক টি-২০ বিশ্বকাপ দলৰ পৰা আঁতৰাই ৰখাৰ বিপৰীতে ডেভিদ ৱাৰ্নাৰে নিজৰ স্থান দখল কৰাত সফল হৈছে। ষ্টিভ স্মিথ বিগত ৫ হোৱাইট বল ৱাৰ্ল্ডকাপত অষ্ট্ৰেলিয়াৰ হৈ খেলিছিল। ২০১৫, ২০২৩ (এদিনীয়া) আৰু ২০২১ (টি-২০) বৰ্ষত অষ্ট্ৰেলিয়া দলৰ অংশ আছিল স্মিথ।এই কেইটা বৰ্ষত অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰিছিল। ইয়াৰোপৰি এই দলৰ পৰা বাহিৰ কৰা হৈছে জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ দৰে খেলুৱৈক। ২০২১ বৰ্ষৰ বিশ্বকাপ দলৰ ৬ জন খেলুৱৈক এইবাৰ বাহিৰ কৰা হৈছে।
অধিনায়কৰ পদত মিচেল মাৰ্চ:
অষ্ট্ৰেলিয়াৰ ব’ৰ্ডে মিচেল মাৰ্ছক টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ পৰা অধিনায়ক নিৰ্বাচিত কৰে। ২০২১ বৰ্ষৰ অধিনায়ক এৰন ফিঞ্চে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ পাছত টেষ্টৰ অধিনায়ক পেট কামিন্সে এদিনীয়াৰ কমাণ্ড লাভ কৰিছিল যদিও টি-২০ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। অৱশ্যে মাৰ্ছে প্ৰায় দুটা ছিৰিজত দলটোৰ অধিনায়কত্ব কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ স্থায়ী অধিনায়ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছিল।
Introducing our 15-player squad for the ICC Men’s T20 World Cup to head to the West Indies – led by our new full-time T20 skipper, Mitch Marsh 👊
Congratulations to those selected 👏#T20WorldCup pic.twitter.com/vETFIGPQL6
— Cricket Australia (@CricketAus) May 1, 2024
কোন কোন আছে দলত?
টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়া দলত আছেঃ মিচেল মাৰ্ছ (অধিনায়ক),এষ্টন আগৰ, পেট কামিন্স,টিম ডেভিদ, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজেলউদ, ট্ৰেভিছ হেড, জোছ ইংলিছ, গ্লেন মেক্সৱেল,মিচেল ষ্টাৰক, মাৰ্কাছ ষ্ট’ইনিছ, মেথিউ ৱেড, ডেভিড ৱাৰ্ণাৰ, এডাম জাম্পা।
চুপাৰ ৮ৰ খেলঃ
২৭ জুন: ছেমি ফাইনেল ১, ব্রায়ান লাৰা একাডেমী, ট্ৰিনিদাদ,
২৮ জুন : ছেমি ফাইনেল ২, প্ৰভিডেন্স ষ্টেডিয়াম, গায়ানা
৩০ জুন : ফাইনেল, কেনচিংটন অভাল, বাৰ্বাডোছ
উল্লেখ্য যে, এইবাৰৰ টি-২০ বিশ্বকাপৰ আয়োজত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা। এইবাৰ টি-২০ বিশ্বকাপত ২০ টা দলে অংশ গ্ৰহণ কৰিব। ১ জুনত আৰম্ভ হোৱা এই খেল ২০জুনলৈ চলিব। ২০ টা দলক ৫ টাকৈ ৪টা গ্ৰুপত ভাগ কৰা হব। প্ৰতিটো দলৰ শীৰ্ষ দুটা দলে চুপাৰ ৮ত প্ৰৱেশ কৰিব। তাৰ পাছত এই দলকেইটাই চুপাৰ ৮ খেলিব।
চুপাৰ-৮ তো দলসমূহক ৪-৪ ত ভাগ কৰা হ’ব। দুয়োটা গ্ৰুপৰ ২টা দল ছেমিফাইনেললৈ যাব। দুখনকৈ ছেমি ফাইনেল হ’ব আৰু ছেমিফাইনেলত জয়ী হোৱা দলে ফাইনেল খেলিব।