কি উপায়েৰে ডিপ্ৰেচনৰ পৰা মুক্ত হ’ব পাৰি ? এই উপায় গ্ৰহণ কৰক…
বহু গুৰুতৰ ৰোগৰ সৃষ্টি কাৰণ হৈছে মানসিক চাপ বা হতাশা। গতিকে মানসিক চাপৰ পৰা উপশম পাবলৈ কিছুমান অভ্যাস কৰিব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক।

মানসিক চাপ বা ডিপ্ৰেচন বহু গুৰুতৰ ৰোগৰ সৃষ্টিৰ কাৰণ হ’ব পাৰে। ইয়াৰ বাবেই জটিল শাৰীৰিক পৰিস্থিৰে মোকাবিলা কৰিবলগীয়া হয় মানুহে। যেতিয়া কোনো বিষয়ত সফলতা লাভ কৰিব পৰা নাযায়, তেতিয়া ডিপ্ৰেচনত যায় এজন লোক। তদুপৰি আৰ্থিক অৱস্থা, ঘৰুৱা সমস্যা আদিও ডিপ্ৰেচনৰ কাৰণ হ’ব পাৰে। ইয়াৰ বাবে মানসিক অৱস্থা ভাৰসাম্যহীন হৈ পৰে। এই সমস্যা ৰোধ কৰাটো অতি প্ৰয়োজন।
প্ৰত্যেকৰে জীৱনত মানসিক চাপ থাকে। কোনোৱে নিজৰ চিন্তা-ধাৰা ভাগ-বতৰা কৰি কিছু মানসিক চাপৰ পৰা উপশম পাবলৈ চেষ্টা কৰে, আন কোনোৱে প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। বৰ্তমানৰ জীৱনশৈলী, কৰ্মৰ চাপ বা অধ্যয়নৰ চাপ যিয়েই নহওক কিয়, যিকোনো ব্যক্তিৰ ক্ষেত্ৰত ডিপ্ৰেচন হ’ব পাৰে।
ডিপ্ৰেচনৰ পৰা কেনেকৈ মুক্ত হ’ব পাৰি?
ডিপ্ৰেচনৰ মুক্ত হ’বলৈ আপুনি সংগীত শুনিব পাৰে। ভাল সংগীত মানে যিবোৰ আপুনি শুনি ভাল পায়। কিন্তু এনে গান নহয় যিয়ে আপোনাক অধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই আপোনাক ডিপ্ৰেচনৰ পৰা মুক্ত হোৱাত সহায় কৰিব। ডিপ্ৰেচনৰ পৰা মুক্ত হ’বলৈ খেলা-ধূলা কৰিব পাৰে। ইয়াৰ ফলত মনটো শান্ত হৈ পৰে।
ইয়াৰ লগতে ব্যায়াম কৰিব পাৰে। যোগাসন আৰু অন্যান্য শাৰীৰিক কাৰ্যকলাপে ডিপ্ৰেচন বা মানসিক চাপৰ পৰা উপশম পোৱাত সহায় কৰে।
ইয়াৰ লগতে এখন ভাল কিতাপ পঢ়িব পাৰে। ই আপোনাৰ মানসিক স্থিতি উন্নত কৰিব। ইয়াৰ লগতে ই আপোনাৰ অতিৰিক্ত মানসিক চাপ আঁতৰ কৰিব।
ধ্যান কৰিব পাৰে। ধ্যানে আপোনাৰ মনটোক শান্ত কৰি ৰাখিব পাৰে। ই মানসিক শক্তি শাক্তিশালী কৰাটো সহায় কৰে।
স্পষ্টীকৰণ : এই প্ৰতিবেদনৰ উদ্দেশ্য কেৱল তথ্য প্ৰদান কৰা। কোনো কাৰণতে Tv9 অসমীয়া দায়ী নহয়। যদি আপোনাৰ কোনো সমস্যা বা সন্দেহ আছে তেন্তে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লওক।