শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
TATA Artillery Guns: চীন-পাকিস্তানৰ টোপনি হৰিব মেক ইন ইণ্ডিয়াৰ এই অস্ত্ৰই…

TATA Artillery Guns: চীন-পাকিস্তানৰ টোপনি হৰিব মেক ইন ইণ্ডিয়াৰ এই অস্ত্ৰই…

Manas Borah
Manas Borah | Updated On: 17 Jul 2025 19:17 PM

ভাৰতে এতিয়া ঘৰতে নিৰ্মাণ কৰিছে এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম। ই এটা অতি শক্তিশালী গধুৰ আৰ্টিলাৰি, যাক ভৱিষ্যতৰ যুদ্ধত ভাৰতৰ বাবে গেম চেঞ্জাৰ হ’ব পাৰে বুলি কোৱা হৈছে।

৮০ দশকত ছুইডেনৰ পৰা ভাৰতলৈ আহিছিল বফৰ্চ আৰ্টিলাৰী। কিন্তু এই বফৰ্চ আৰ্টিলাৰীৰ দুৰ্নীতিৰ অভিযোগতে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰাজীৱ গান্ধীয়ে। কাৰ্গিল যুদ্ধৰ জয়তো বিশেষ ভূমিকা পালন কৰিছিল বফৰ্চ আৰ্টিলাৰীয়ে। ইয়াৰ পাছৰে পৰা এই ধৰণৰ আৰ্টিলাৰী ভাৰতত নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছিল। প্ৰায় ডেৰ-দুই দশকৰ পাছত সফলতা কৰিছে সেই প্ৰচেষ্টাই।

ভাৰতে এতিয়া ঘৰতে নিৰ্মাণ কৰিছে এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম। ই এটা অতি শক্তিশালী গধুৰ আৰ্টিলাৰি, যাক ভৱিষ্যতৰ যুদ্ধত ভাৰতৰ বাবে গেম চেঞ্জাৰ হ’ব পাৰে বুলি কোৱা হৈছে। এই আৰ্টিলাৰীৰ ডিজাইন কৰিছিল ডি আৰ ডি অ’ই । ইয়াক নিৰ্মাণ কৰিছিল ভাৰত ফৰ্জ লিমিটেড আৰু টাটা এডভান্সড চিষ্টেমছ লিমিটেডে।