শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Video: শীঘ্ৰে কৰক Aadhaar-ৰ বায়’মেট্ৰিক আপডেট, নহ'লে পৰিব বিপদত!

Video: শীঘ্ৰে কৰক Aadhaar-ৰ বায়’মেট্ৰিক আপডেট, নহ’লে পৰিব বিপদত!

Barasha Misra
Barasha Misra | Published: 17 Jul 2025 18:02 PM

দেশৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই আপডেট ঘৰতে কৰিব নোৱাৰিব বুলি কৈছে। আধাৰ আপডেট কৰিবলৈ আপুনি যিকোনো আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব।

আধাৰ কাৰ্ড ভাৰতীয়ৰ অন্যতম প্ৰধান পৰিচয় পত্ৰ। কিন্তু আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্বাচন আয়োগক আধাৰ কাৰ্ডৰ লগতে নাগৰিকত্বৰ বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। কিন্তু ইয়াৰ মাজতে UIDAI এ দেশৰ নাগৰিকলৈ অনুৰোধ জনাইছে।

যিসকলে নিজৰ সন্তানৰ শিশুকালতে আধাৰ কাৰ্ড প্ৰস্তুত কৰিছিল, তেওঁলোকক সন্তানৰ ৭ বছৰ হ’লে আধাৰ কাৰ্ড আপডেট কৰিবলৈ পৰামৰ্শ দিছে UIDAI এ ।বৰ্তমানৰ আধাৰ নিয়মৰ অধীনত এই আপডেট কৰিব পৰা যাব বুলি ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই জনাইছে। যিসকল শিশুৰ আপডেট হোৱা নাই, তেওঁলোকৰ বায়’মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক হ’ব।

দেশৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই আপডেট ঘৰতে কৰিব নোৱাৰিব বুলি কৈছে। আধাৰ আপডেট কৰিবলৈ আপুনি যিকোনো আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব।