ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম পাইকান কাণ্ড, প্ৰয়োজনত তদন্তৰ আওতালৈ অনা হ’বঃ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰয়োজন সাপেক্ষে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক তদন্তৰ আওতালৈ অনা হ'ব। তেওঁলোকৰ উচতনিমূলক মন্তব্যৰ বাবে পাইকানৰ ঘটনা হয় বুলি কয় শৰ্মাই।

ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম পাইকান কাণ্ড-এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৱা ১৬ জুলাইত অসম ভ্ৰমণ কৰিছিল কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধীয়ে। ছয়গাঁৱত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ লগতে ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰিছিল। তাৰ এদিন পাছতে কৃষ্ণাইৰ পাইকানত উচ্ছেদিত আৰু আৰক্ষী-বনৰক্ষীৰ মাজত হতাহতি হয়। যত এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজন আহত হয়। গতিকে ইয়াৰ কাৰণ ৰাহুল গান্ধীৰ মন্তব্য বুলি শৰ্মাই কয়।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখে যে- “ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ’ল। তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূৰ্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকা সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি এচামে আমাৰ আৰক্ষী আৰু বনকৰ্মীসকলক আক্ৰমণ কৰে।
কৰ্তব্যৰত অৱস্থাত ২১জন সাহসী আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বিকল্প ব্যৱস্থা নোহোৱাৰ হেতু আৰক্ষীয়ে পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল, যাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল। এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম। তেওঁৰ দায়িত্বজ্ঞানহীন বক্তব্যই আমাৰ ৰাজ্যৰ সমাজ জীৱনক পোনপটীয়াকৈ ব্যাঘাত জন্মাইছে আৰু শান্তি বিঘ্নিত কৰিছে। অসমৰ ৰাইজে এই বিশ্বাসঘাতকতাক কাহানিও নাপাহৰে বা ক্ষমা নকৰে”।
শৰ্মাই অভিযোগ তুলি কয় যে, ৰাহুল গান্ধীয়ে উচ্ছেদকাৰীসকলক উচতনি দিছে। যাৰ ফলত তেওঁলোকে আৰক্ষী-বনৰক্ষীৰ লোকক আক্ৰমণ কৰে। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উচতনি দিয়াৰ বাবে প্ৰয়োজন সাপেক্ষে তেওঁক তদন্তৰ আওতালৈ অনা হব।আইনৰ মাজেৰে সকলোকে তদন্তৰ আউতালৈ অনা হ’ব। ৰাহুলহগান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক দৰকাৰ হ’লে সোধপোচৰ বাবে লৈ অনা হ’ব ৷
ইয়াৰোপৰি শৰ্মাই কয় যে, এনে ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে। ইয়াৰ পাছত উৰিয়ামঘাটত উচ্ছেদ চলোৱা হব। শৰ্মাই কয়, উজনিৰ অৱস্থা ভাল নহয়। তেওঁলোকে উৰিয়ামঘাটত গোটেই গছ-গছনি কাটি তামোল গছ কৰি লৈছে। হাজাৰ হাজাৰ গছ কাটি মাটি বেদখল কৰিছে। ধিং, লাহৰীঘাটৰ পৰা গৈ তেওঁলোকে এয়া কৰিছে।
গৌৰৱ গগৈয় কটাক্ষ কৰি শৰ্মাই কয় যে, “কংগ্ৰেছৰ গাত অসমীয়া তেজ নাইয়ে। যি দলৰ সভাপতি পাকিস্তানী, অসমীয়া নহয়।পৰিয়ালত ব্ৰিটিছ পাচপোৰ্ট দি থৈছে। আমাৰ মানুহ বোৰে এইবোৰ চিন্তাই নকৰে। অসমীয়া সাৰ পাব হ’ল। সদায় হিমন্ত বিশ্ব নাথাকে। তেওঁ অসমীয়া বিৰুদ্ধে গৈ মিঞাপ্ৰেমী হৈছে”।