প্ৰাক্তন আলফা নেতাৰ বিজেপি গমনৰ পৰা আমেৰিকাৰ বিশেষ সিদ্ধান্তলৈ, আজিৰ দিনটোৰ খবৰ…
Morning Headline: পহলমাগ কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা সন্ত্ৰাসবাদী সংগঠনটোক আমেৰিকাই বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ইয়াৰোপৰি অসমতো বিভিন্ন ঘটনা সংঘটিত হৈছে।

আজি ১৮ জুলাই, শুকুৰবাৰ। ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনত বিভিন্ন ধৰণৰ ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশৰে খবৰ ৰখা জানো সম্ভৱ! এই লেখাটোত অসমৰ পৰা বিভিন্ন প্ৰান্তলৈ সংঘটিত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল।
- আজিৰ পৰা আৰম্ভ পবিত্ৰ শাওন মাহ। কোৱা হয়, এই মাহটোত শিৱক পূজা কৰিলে মনৰ সকলো আশা পূৰণ হয়।
- পাইকানত হোৱা অনাকাংক্ষিত ঘটনা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ ফল- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে উচতনিমূলত মন্তব্য প্ৰদান কৰাৰ অভিযোগ শৰ্মাৰ।
-
প্ৰাক্তন আলফা নেত দৃষ্টি ৰাজখোৱাকে ধৰি বহু কেইগৰাকী পৰিচিত ব্যক্তিয়ে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত তেওঁলোকে বিজেপিত যোগদান কৰে। য’ত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা।
- গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। স্বচ্ছ সৰ্বেক্ষণ-২০২৪-২৫ৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ দিয়ে।
- গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল পাইকানৰ বিদ্যাপাৰাত ভয়ংকৰ ঘটনা। উচ্ছেদিত আৰু বন বিভাগৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত আৰু কেইবাজন আহত হয়। জানিব পৰা মতে, কিছুদিন পূৰ্বে এই স্থানত উচ্ছেদ চলোৱা হৈছিল যদিও একাংশই ইয়াতে আছিল।
-
আজি বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিহাৰত পূৱ চম্পাৰাণ জিলাত এক জনসভা সম্বোধন কৰি মোদীয়ে। এই সময়চোৱাত ৭ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পও আৰম্ভ কৰিব। ইয়াৰ পাছত মোদীয়ে পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ দুৰ্গাপুৰত বিজেপিৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দিব। য’ত তেওঁ ৰাজ্যৰ বাবে ৫ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰকল্পও আৰম্ভ কৰিব।
-
পাকিস্তানী বিমান সংস্থাসমূহক নিজৰ বিমান সুৰক্ষা তালিকাত পুনৰ অন্তৰ্ভুক্ত কৰিলে UK. এতিয়া পাকিস্তানৰ পৰা ব্ৰিটেইনলৈ প্ৰত্যক্ষ বাণিজ্যিক বিমান সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব।
- পহলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা পাক সমৰ্থিত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ)ক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই।