প্ৰথমে কোনে, কেতিয়া ইম'জিৰ সৃষ্টি কৰিছিল জানেনে?

17 JULY 2025

TV9 ASSAM

Credits: Getty Images

আজি ১৭ জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ইম'জি দিৱস পালন কৰা হয়। ইম'জি এতিয়া ডিজিটেল জগতৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। প্ৰথম ইম'জি কোনে সৃষ্টি কৰিছিল জানক...

বিশ্ব ইম'জি দিৱস

ইম'জি হ’ল সেইবোৰ চৰিত্ৰ বা চিহ্ন যিবোৰ আমি মেছেজত আমাৰ অনুভৱ প্ৰকাশ কৰিবলৈ ধেমেলীয়া ধৰণেৰে শ্বেয়াৰ কৰো। যেনেকৈ দুখ, হাঁহি বা প্ৰেম প্ৰকাশ কৰা।

ইম'জি কি?

বিশ্বৰ প্ৰথম ইম'জি তৈয়াৰ কৰিছিল জাপানৰ এটা মোবাইল অপাৰেটিং কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত জাপানৰ শিগেটাকা কুৰিতাই। শ্বিগেটাকাই এটা নহয় ইম'জিৰ এটা গোট সৃষ্টি কৰিছিল।

প্ৰথম কোনে সৃষ্টি কৰিছিল?

শিগেটাকাই ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে ইম'জি ডিজাইন কৰিছিল।তেওঁ সেই সময়ত ১৭৬টা ইম'জি এটা গ্ৰুপ তৈয়াৰ কৰিছিল। কুৰিতাই মোবাইল ব্যৱহাৰকাৰীৰ বাবে ইম'জি তৈয়াৰ কৰিছিল যাতে তেওঁলোকে নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে।

কেতিয়া সৃষ্টি কৰা হৈছিল?

১৯৯৯ চনত জাপানত ইম'জিৰ ব্যৱহাৰ আৰম্ভ হৈছিল, যেতিয়া মোবাইল কোম্পানীয়ে ইয়াক মেছেজিংত অন্তৰ্ভুক্ত কৰিছিল। লাহে লাহে সমগ্ৰ বিশ্বতে এইবিলাক জনপ্ৰিয় হৈ উঠিছিল আৰু আজি ছ’চিয়েল মিডিয়া,  মেছেজত এইবোৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছে।

কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

২০১৪ চনত জেৰেমি বাৰ্গ নামৰ এজন ব্যক্তিয়ে বিশ্ব ইম'জি দিৱস আৰম্ভ কৰিছিল। তেওঁ এই দিনটো বাছি লৈছিল কাৰণ কেলেণ্ডাৰ ইম'জিত ১৭ জুলাইৰ তাৰিখ দেখা থাকে ।তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিনটোতে ইম'জি দিৱস পালন কৰা হয়।

কেনেকৈ আৰম্ভ হ’ল বিশ্ব ইমোজি দিৱস?

ইম'জি এতিয়া ডিজিটেল জগতৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। মেছেজ আৰু ছ’চিয়েল মিডিয়াত ইম'জি ব্যৱহাৰ বহুলভাৱে কৰা হয়। যাৰ দ্বাৰা একো নোকোৱাকৈয়ে আমাৰ অনুভৱবোৰ আনৰ আগত প্ৰকাশ কৰিব পাৰি।

ডিজিটেল জগতৰ  গুৰুত্বপূৰ্ণ অংশ

চাবলৈ ক্লিক কৰক 

সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন