শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আন এক সফল পৰীক্ষণ! শক্তি বৃদ্ধিৰ দিশে ভাৰতীয় বায়ু সেনাৰ...

আন এক সফল পৰীক্ষণ! শক্তি বৃদ্ধিৰ দিশে ভাৰতীয় বায়ু সেনাৰ…

Barasha Sarma
Barasha Sarma | Published: 17 Jul 2025 17:59 PM

ভাৰতীয় বায়ু সেনাৰ পুনৰ শক্তি বৃদ্ধিৰ দিশে। শেহতীয়াকৈ সুখোইৰ পৰা অস্ত্ৰ মিছাইলপ সফল পৰীক্ষণ হয়। DRDO আৰু ভাৰতীয় বায়ু সেনাই মিলি এই পৰীক্ষণ কৰে।

ওড়িশাৰ উপকূলত সুখোই যুদ্ধ বিমানৰ পৰা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ‘অস্ত্ৰ’ নামৰ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে বায়ুসেনাই। দুটা ভিন্ন পৰিস্থিতি দুবাৰকৈ নিক্ষেপ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ। দুয়োবাৰেই নিজৰ লক্ষ্যত ১০০ শতাংশ সঠিকতাৰে খুন্দা মাৰে।

ইয়াৰ সহায়ত পাইলটে কোনো বাধা নোহোৱাকৈ লক্ষ্যস্থানত ক্ষেপণাস্ত্ৰ আঘাত কৰিব পাৰিব। অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ Mk-1 ভেৰিয়েন্টৰ ৰেঞ্জ প্ৰায় ৰেঞ্জ ১০০ কিলোমিটাৰ। ইয়াৰোপৰি ১৬০ কিলোমিটাৰ ৰেঞ্জৰ Mk-2 ভেৰিয়েন্ট প্ৰস্তুত কৰা হৈছে। পৰীক্ষা এতিয়াও বাকী আছে। আৰু তাৰ পিছত আহিব আন এটা উন্নত Mk-3 ভেৰিয়েন্ট। ইয়াৰ ৰেঞ্জ আৰু বেছি হ’ব।

ই এটা বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল, বিভিআৰএএম। অৰ্থাৎ পাইলটৰ দৃষ্টিশক্তিৰ বাহিৰৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। ১০০-১৫০ কিলোমিটাৰ দূৰত্বৰ পৰা ই কাম কৰিব পাৰিব।  গতিকে এই অস্ত্ৰৰে সফল পৰীক্ষণ কৰে বায়ু সেনা আৰু DRDO ই।

এই পৰীক্ষণত সফলতা লাভ কৰাৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ, ভাৰতীয় বায়ুসেনা আৰু উদ্যোগিক অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰিছে।