শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক, সংঘৰ্ষত আহত বহু আৰক্ষী, এই বিক্ষোভৰ কাৰণ কি?

টমী ৰবিনছনৰ নেতৃত্বত লণ্ডনত অনুষ্ঠিত ‘ইউনাইট দ্য কিংডম’ ৰেলীত ১ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই বিক্ষোভৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে মাত মাতিব পৰা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, বহু আহত হয়। কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওপৰত হেঁচা বাঢ়িছে।

লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক, সংঘৰ্ষত আহত বহু আৰক্ষী,  এই বিক্ষোভৰ কাৰণ কি?
লণ্ডনত প্ৰতিবাদImage Credit source: Christopher Furlong/Getty Images)
trishna-kalita
Trishna Kalita | Updated On: 14 Sep 2025 11:41 AM

শনিবাৰে লণ্ডনত ১ লাখৰো অধিক লোকে ‘ইউনাইট দ্য কিংডম’ নামেৰে এক সমদল উলিয়াই। ইয়াৰ নেতৃত্ব দিছিল প্ৰব্ৰজন বিৰোধী নেতা টমী ৰবিনছন। এই প্ৰব্ৰজন বিৰোধী ৰেলী ব্ৰিটেইনৰ সৰ্ববৃহৎ সোঁপন্থী ৰেলী বুলি গণ্য কৰা হয়। লণ্ডনৰ হোৱাইট হলৰ সমীপত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষত ২৬ জন আৰক্ষী আহত হয়, ৪ জনৰ অৱস্থা সংকটজনক।

ইউনাইট দ্য কিংডম পদযাত্ৰাৰ সময়ত লণ্ডনৰ হোৱাইট হলত ষ্টেণ্ড আপ টু ৰেচিজম নামৰ এক বিক্ষোভ চলি আছিল, য’ত ৫ হাজাৰ লোক জড়িত আছিল। হোয়াইট হলত সমবেত ৫ হাজাৰ প্ৰতিবাদকাৰীক লাখ লাখ লোকৰ ভিৰৰ পৰা পৃথক কৰি ৰাখিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে। তেতিয়াই এই সংঘৰ্ষ সংঘটিত হয়। য’ত বহু আৰক্ষীৰ দাঁত-নাক ভাঙি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। হিংসাত্মক ঘটনাৰ লগত জড়িত ২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, এই সংঘৰ্ষত জড়িত বাকী লোকসকলকো চিনাক্তকৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

প্ৰতিবাদৰ কাৰণ কি আছিল?

ব্ৰিটেইনত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে মাত মাতিছে প্ৰতিবাদকাৰীসকলে। অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ বাহিৰলৈ খেদিবলৈ দাবী জনায় তেওঁলোকে। ইংৰাজী চেনেলৰ পথৰ মাজেৰে নাৱেৰে ব্ৰিটেইনত উপস্থিত হৈছে ২৮ হাজাৰৰো অধিক অনুপ্ৰৱেশকাৰী। প্ৰতিবাদত জড়িত লোকসকলে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়াৰ বিৰোধিতা কৰিছে। শেহতীয়াকৈ ইথিওপিয়াৰ এজন অনুপ্ৰৱেশকাৰীয়ে ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ ফলত মানুহৰ ক্ষোভ আৰু অধিক বৃদ্ধি পাইছে। চৰকাৰ আৰু আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ।

ইয়াৰ পিছত কি হ’ব?

এই প্ৰতিবাদৰ বাবেই অনুপ্ৰৱেশৰ নিয়ম সম্পৰ্কে ৰাজনৈতিক আলোচনা পুনৰ তীব্ৰতৰ হৈ পৰিছে। অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাৰ হেঁচাত পৰিছে চৰকাৰ। এই বিষয়ত বিৰোধী দলসমূহেও নিজৰ নিজৰ কৌশল তৈয়াৰ কৰিব পাৰে। যদিহে চৰকাৰে অনুপ্ৰৱেশ নীতি সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে ভৱিষ্যতে আৰু ডাঙৰ প্ৰতিবাদ হ’ব পাৰে।

টমী ৰবিনছন কোন?

ব্ৰিটেইনৰ অন্যতম প্ৰভাৱশালী কিন্তু বিতৰ্কিত সোঁপন্থী নেতা টমী ৰবিনছন। তেওঁৰ প্ৰকৃত নাম ষ্টিভেন ক্রিষ্টোফাৰ ইয়াৰৱেল। মূলতঃ তেওঁ প্ৰব্ৰজন বিৰোধী আৰু ইছলাম বিৰোধী কাৰ্যকলাপৰ বাবে পৰিচিত।