Morning News: প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা ইংলেণ্ডৰ অভিলেখলৈ, পলকতে চাওক পুৱাৰ কেইটামান মুখ্য খবৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব। আজি বিয়লি তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠৰ স্মৃতিত এক বিশেষ মুদ্ৰা উন্মোচন কৰিব।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব। আজি বিয়লি তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠৰ স্মৃতিত এক বিশেষ মুদ্ৰা উন্মোচন কৰিব। কাইলৈ তেওঁ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।
- মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ডি ডি লাপাঙে যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। বাৰ্ধক্যজনিত সমস্যাৰ বাবে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। লাপাঙে চাৰিবাৰকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
- ৰাজ্যত পুনৰ জনজাতিকৰণৰ প্ৰসঙ্গই গা কৰি উঠিছে। তিনিচুকীয়া্ত মৰাণ জনগোষ্ঠী আৰু ধুবুৰীত কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত হোৱা প্ৰতিবাদৰ পিছত এইবাৰ মৰাণত আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদে জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে। পিছে আৰক্ষীয়ে জোঁৰ জ্বলোৱাত বাধা প্ৰদান কৰাৰ পিছত মোবাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদী ৰেলী উলিয়ায় টাইপাই।
- বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত শুকুৰবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হয়। দলৰ ইস্তাহাৰক বড়োসকলৰ ৰাজনৈতিক আকাংক্ষাৰ প্ৰতীক আখ্যা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে এইবাৰ বিটিআৰত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি।
- ৰাজ্যত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসঙ্গই পুনৰ চৰ্চা লাভ কৰাৰ সময়তে এই বিষয়ত কংগ্ৰেছক আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আইনী সুৰক্ষা নিশ্চিত নকৰাকৈয়ে তৰুণ গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল বুলি তেওঁ মন্তব্য কৰে। অনুসূচিত জনজাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত বিজেপিয়ে স্পষ্ট আৰু পৰিকল্পিত দৃষ্টিভংগীৰে আগবাঢ়িছে বুলিও তেওঁ কয়। তেওঁৰ অভিযোগ, অসমৰ সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছ চৰকাৰে।
- কৰ্ণাটকত যোৱা নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰাজ্যখনৰ হাছান জিলাত যোৱা নিশা স্থানীয় লোকে উলিয়াইছিল গণেশ উৎসৱৰ শোভাযাত্ৰা। সেই সময়তে এখন তীব্ৰবেগী টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই শোভাযাত্ৰাত অংশ লোৱা লোকসকলক মহতীয়াই নিয়ে। এই দুৰ্ঘটনাত থিতাতে ৮ জন লোকৰ মৃত্যু হয়। আনহাতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে।
- শুকুৰবাৰে নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে সুশীলা কাৰ্কিয়ে। এইদৰে তেওঁ দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ইফালে নৱনিযুক্ত প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ পৰামৰ্শ মতে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে নেপালী সংসদ ভংগ কৰে আৰু ২০২৬ চনৰ ২১ মাৰ্চ তাৰিখে নতুন সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন নিৰ্ধাৰণ কৰিছে।
- যোৱা নিশা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক টি-২০ শৃংখলাৰ মেচত সৃষ্টি হয় অভিলেখ। মেচখনত ইংলেণ্ডে অপেনাৰ ফিল ছল্টৰ বিস্ফোৰক শতকৰ সহায়েৰে ৩০৪ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত এয়া টেষ্ট খেলা কোনো দেশৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখ। এই বিশাল স্ক’ৰৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৫৮ ৰানত ইনিংছ সামৰি ১৪৬ ৰানৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।