শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিন্নীৰ স্থান ল’ব শচীন তেণ্ডুলকাৰে! বিচিচিআইৰ নতুন সভাপতি সন্দৰ্ভত পোহৰলৈ এই খবৰ

বিচিচিআইৰ শেহতীয়া সভাপতি ৰ’জাৰ বিন্নীয়ে ইতিমধ্যে এই পদ ত্যাগ কৰিছে। ইতিমধ্যেই বিচিচিআইয়ে নতুন সভাপতিৰ সন্ধান চলাইছে বুলি খবৰ প্ৰকাশ পাইছে। একাংশ বাতৰিত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলিকাৰ বিচিচিআইৰ নতুন সভাপতি হ’ব পাৰে বুলি দাবী কৰা হৈছে।

বিন্নীৰ স্থান ল’ব শচীন তেণ্ডুলকাৰে! বিচিচিআইৰ নতুন সভাপতি সন্দৰ্ভত পোহৰলৈ এই খবৰ
শচীন তেণ্ডুলকাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 11 Sep 2025 21:35 PM

শীঘ্ৰে ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইৰ সভাপতিৰ আসনত দেখা যাব এখন নতুন মুখ। ইতিমধ্যেই বিচিচিআইয়ে নতুন সভাপতিৰ সন্ধান চলাইছে বুলি খবৰ প্ৰকাশ পাইছে। ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা শক্তিশালী ব’ৰ্ড হিচাপে পৰিচিত বিচিচিআইৰ শেহতীয়া সভাপতি ৰ’জাৰ বিন্নীয়ে পদত্যাগ কৰিছে। ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ সদস্য বিন্নীয়ে ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পিছতে সভাপতিৰ পদ ত্যাগ কৰে। বিন্নীৰ পদত্যাগৰ পিছতে প্ৰকাশ পাইছে কিছু বিশেষ খবৰ।

একাংশ বাতৰিত ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলিকাৰ বিচিচিআইৰ নতুন সভাপতি হ’ব পাৰে বুলি দাবী কৰা হৈছে। এই খবৰ প্ৰকাশ পোৱাৰ পিছত ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছিল। কিয়নো শচীনৰ একালৰ সতীৰ্থ সৌৰভ গাংগুলীয়েও এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।

পিছে অনুৰাগীৰ এই চৰ্চাৰ অন্ত পেলাইছে স্বয়ং শচীন তেণ্ডুলকাৰে। প্ৰকাশিত শেহতীয়া খবৰক শচীনে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। শচীন তেণ্ডুলকাৰৰ মেনেজমেণ্ট কোম্পানীয়ে এক বিবৃতি প্ৰকাশ কৰি এই বিষয়ত স্পষ্টীকৰণ দিছে। বিবৃতিটোত এনেধৰণৰ খবৰৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিবলৈও আহ্বান জনোৱা হৈছে।

এই বিবৃতিটোত কোৱা হৈছে, “আমি জানিব পাৰিছো যে শচীন তেণ্ডুলকাৰৰ নাম ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি পদৰ বাবে বিবেচনা বা মনোনীত হোৱাৰ বুলি কিছু উৰাবাতৰি প্ৰচাৰিত হৈছে। আমি স্পষ্টকৈ ক’ব বিচাৰোঁ যে এনেকুৱা কোনো সিদ্ধান্ত লোৱা হোৱা নাই। আমি সংশ্লিষ্ট সকলো পক্ষকে এনে ভিত্তিহীন চৰ্চাৰ প্ৰতি গুৰুত্ব নিদিবলৈ অনুৰোধ জনাইছো।”

উল্লেখ্য যে নিজৰ স্বৰ্ণিল কেৰিয়াৰৰ অৱসান ঘটোৱাৰ পিছত শচীন তেণ্ডুলকাৰে ক্ৰিকেট প্ৰশাসনৰ পৰা দূৰত্ব বজাই চলিছে। গতিকে তেওঁৰ এই বক্তব্যই এতিয়া বিচিচিআইৰ সভাপতি সন্দৰ্ভত সকলো চৰ্চাৰ ওৰ পেলাইছে। এতিয়া চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভাত নতুন সভাপতিৰ বিষয়টোৱেই হয়তো প্ৰধান বিষয় হ’ব।