শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ধুবুৰী কাণ্ডৰ পৰা এছিয়া কাপলৈ, পলকতে চাওক দিনটোৰ প্ৰধান খবৰ

ধুবুৰী কাণ্ডৰ পৰা এছিয়া কাপলৈ, পলকতে চাওক দিনটোৰ প্ৰধান খবৰ

monjit-dutta
Monjit Dutta | Published: 11 Sep 2025 23:03 PM

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ইতিবাচকভাৱে আগবঢ়া বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নৱেম্বৰত অসম বিধানসভাত প্ৰতিবেদন দাখিল কৰিব বুলিও সদৰী কৰে।

জনজাতিকৰণৰ দাবীত বুধবাৰে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল আক্ৰাছুৱে। এই প্ৰতিবাদৰ সময়তে আৰক্ষীৰ লাঠীচালনাত বহুকেইজন লোক আহত হয়। এই ঘটনাৰ পিছতে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোত ব্যাপক প্ৰতিবাদ গঢ়ি উঠে।

ৰাজ্যত জনজাতিকৰণৰ প্ৰসঙ্গত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতে এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ইতিবাচকভাৱে আগবঢ়া বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নৱেম্বৰত অসম বিধানসভাত প্ৰতিবেদন দাখিল কৰিব বুলিও সদৰী কৰে।