TV9 ASSAM
এক সুখ-সমৃদ্ধিৰে ভৰা জীৱনৰ বাবে স্বাস্থ্য আটাইতকৈ প্ৰয়োজনীয়। পুৱা সোনকালে উঠি খোজ কঢ়াৰ অভ্যাস দেহৰ বাবে উপকাৰী বোলা হয়।
স্বাস্থ্যৰ বাবে পুৱা বহুলোকে খোজ কাঢ়ে। বহুলোকে জোতা পিন্ধিয়েই সাধাৰণতে খোজ কাঢ়ে। কমসংখ্যক লোকেহে খালী ভৰিৰে খোজ কঢ়া দেখা যায়।
খালী ভৰিৰে খোজকঢ়াৰ বহু উপকাৰিতা আছে বুলি কোৱা হয়। এনে অভ্যাসৰ বাবে দেহত হ’ব পৰা উপকাৰিতাৰ বিষয়ে জানো আহক।
খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ শিৰাত সুস্থ চাপ পৰে বাবে ৰক্ত সঞ্চালন উন্নত হয়, ভৰিৰ পেশীৰ ক্ৰেম্প তথা বিষৰ পৰা সকাহ পায়। এয়া হৃদযন্ত্ৰৰ লগতে সমগ্ৰ দেহৰ বাবে উপকাৰী।
অনিদ্ৰাৰ পৰা সকাহ লাভতো খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাসে সহায় কৰে। লগতে এনে অভ্যাসে মানসিক চাপ দূৰ কৰাত সহায় কৰে। এইদৰে ভাল টোপনি আহে।
এনে অভ্যাসে ভৰিৰ পেশী আৰু শিৰা হয়। লগত ইয়াৰ দ্বাৰা সংবেদনশীল স্নায়ু সক্ৰিয় হৈ উঠে। এইদৰে এনে অভ্যাসে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
২২১ দিনৰ পিছত জয়ৰ মুখ দেখিলে ভাৰতীয় দলে!