আঙুলি ফুটুৱাই থকাৰ অভ্যাস আপোনাৰো আছে নেকি? জানেনে ইয়াৰ ফলত কেনে বিপদ হ’ব পাৰে!
আঙুলি ফুটুৱাৰ অভ্যাসে ক্ষতি কৰিব পাৰে বুলি বহুলোকে কোৱা শুনা যায়। অত্যধিকভাৱে আঙুলি ফুটালে হাড়ৰ ক্ষয় হয় বুলিও কোৱা হয়। পিছে এনে কথা সঁচা হয় নে? জানো আহক এই বিষয়ে।

বহু লোকৰে টেলিভিচনৰ সমুখত বহি থকাৰ সময়তে হওক বা আড্ডা মাৰি থকাৰ সময়তে হওক, হাতৰ নখ কামুৰি থকা বা ফুটাই থকাৰ অভ্যাস আছে। সৰুৰে পৰা বহু লোকৰ এই অভ্যাস গঢ় লৈ উঠে। আঙুলি ফুটুৱাৰ অভ্যাসৰ দ্বাৰা এই লোকসকলে একপ্ৰকাৰে সন্তুষ্টি লাভ কৰে। সৰুৰে পৰা অভ্যাস গঢ়ি উঠাৰ বাবে এই লোকসকলে ডাঙৰ হোৱাৰ পিছত এই অভ্যাস সহজে এৰিব নোৱাৰে। আঙুলি ফুটুৱাৰ এনে অভ্যাসে ক্ষতি কৰিব পাৰে বুলি বহুলোকে কোৱা শুনা যায়।
অত্যধিকভাৱে আঙুলি ফুটালে হাড়ৰ ক্ষয় হয় বুলিও কোৱা হয়। পিছে এনে কথা সঁচা হয় নে? সাধাৰণতে আঙুলি ফুটুৱালে এক শব্দ হয়। এই শব্দ হাড়ৰ মাজত হোৱা ঘঁহনিৰ বাবে নহয়। আঙুলিৰ গাঁঠিত চাইন’ভিয়াল ফ্লুইড নামৰ এবিধ তৰল পদাৰ্থ থাকে। এই পদাৰ্থবিধে হাড়ৰ গতিবিধি সহজ কৰি তোলে।
চাপ প্ৰয়োগ কৰিলে সেই তৰল পদাৰ্থৰ সৰু সৰু টোপালবোৰ ফাটি যায় আৰু সেই শব্দ শুনা যায়। গৱেষণাৰ মতে নিয়মিতভাৱে আঙুলি ফুটুৱালে বাতবিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি নহয়। কিন্তু বাৰে বাৰে আঙুলি ফুটুৱালে গাঁঠিবোৰ ফুলি উঠিব পাৰে বা গ্ৰিপ কমি যোৱাৰ দৰে অস্বস্তিৰ সৃষ্টি হ’ব পাৰে।
যদি আপুনি আঙুলি ফুটুৱাৰ সময়ত বিষ, ফুলি উঠা বা জঠৰতাৰ দৰে অনুভৱ কৰে তেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাটো অত্যন্ত প্ৰয়োজনীয়। তদুপৰি আঙুলি ফুটাওঁতে হঠাতে হোৱা অস্বাভাৱিক শব্দক আওকাণ কৰা উচিত নহয়। আঙুলি ফুটুৱালে প্ৰত্যক্ষ ক্ষতি নহয় যদিও বেছিকৈ কৰিলে গাঁঠিত হেঁচা পৰিব পাৰে।
ইয়াৰ ফলত আঙুলিৰ হাড়ৰ সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাব পাৰে। গতিকে আঙুলি ফুটুৱাৰ এই অভ্যাস গোটাই নোলোৱাই উচিত হ’ব। যদি হাতৰ হেঁচা কম কৰিব বিচাৰে, তেতিয়াহ’লে আঙুলিৰ লঘু ব্যায়াম বা ষ্ট্ৰেচিং আপোনাৰ বাবে অধিক উপকাৰী বিবেচিত হ’ব।