প্ৰতীক্ষাৰ অন্ত, ২২১ দিনৰ পিছত জয়ৰ মুখ দেখিলে ভাৰতীয় দলে!

11 Sept 2025

TV9 ASSAM

এছিয়া কাপ ২০২৫ত ইউ এ ইৰ বিৰুদ্ধে কালি জয়েৰে অভিযান আৰম্ভণি কৰে ভাৰতে। এই মেচ আৰম্ভ হোৱাৰ সময়তে ভাৰতীয় দলে দীঘলীয়া অপেক্ষাৰ অন্ত পেলায়।

এছিয়া কাপ

এই মেচখনত ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই টছ ভাৰতীয় দলৰ বাবে আছিল অত্যন্ত বিশেষ।

টছত জয়

চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা ৩১ জুলাইৰ ভিতৰত একেৰাহে ১৫খন আন্তঃৰাষ্ট্ৰীয় মেচত টছত পৰাস্ত হোৱাৰ পিছত  এতিয়া ২২১ দিনৰ অন্তত টছত জয়ী হয় ভাৰত।

দীঘলীয়া অপেক্ষা

এই ১৫খন মেচৰ ভিতৰত ৰোহিত শৰ্মাৰ নেতৃত্বত ৮খন, শুভমন গিলৰ নেতৃত্বত ৫খন আৰু সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ২ খন মেচ খেলিছিল ভাৰতীয় দলে।

অধিনায়ক

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বতে ১৫ খন মেচৰ টছত পৰাজয়ৰ এই ধাৰা আৰম্ভ হৈছিল আৰু এতিয়া তেওঁৰ নেতৃত্বতে ভাৰতীয় দলৰ এই বিফলতাৰ ধাৰা অন্ত পৰিছে।

সূৰ্যকুমাৰ যাদৱ

প্ৰথমবাৰৰ বাবে কোনো বৃহৎ টুৰ্ণামেণ্টত ভাৰতক নেতৃত্ব দিছে সূৰ্যই। টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰস্তুতি হিচাপে সূৰ্যৰ বাবে এই প্ৰতিযোগিতাখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

এছিয়া কাপৰ গুৰুত্ব

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতে কেইবাৰ জয় কৰিছে এছিয়া কাপ