শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নেপালৰ প্ৰতিবাদলৈ, পলকতে চাওক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…

আজি অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব। আনহাতে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।

Morning News: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নেপালৰ প্ৰতিবাদলৈ, পলকতে চাওক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Published: 09 Sep 2025 08:03 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব। আনহাতে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় এন ডি এই চি পি ৰাধাকৃষ্ণণক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰাথী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী।
  2. সোমবাৰে এক ব্যাপক প্ৰতিবাদে জোকাৰি তোলে নেপাল। দেশখনৰ চৰকাৰে মুঠ ২৬টা ছ’চিয়েল মিডিয়া চাইটৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে দেশখনৰ Gen-Z অৰ্থাৎ নতুন প্ৰজন্মই প্ৰতিবাদ গঢ়ি তোলে। এই প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ লোৱাৰ পিছত ১৯ জন লোকে প্ৰাণ হেৰুৱায়। এনে প্ৰতিবাদৰ পিছতে নেপাল চৰকাৰে ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।
  3. অনুপ্ৰৱেশৰ বিৰুদ্ধে শক্তিশালী স্থিতি অব্যাহত ৰাখিছে ৰাজ্য প্ৰশাসনে। বিগত সময়ছোৱাত সীমান্তৰে অসমত প্ৰৱেশ কৰা বহু বাংলাদেশী নাগৰিকক পুনৰ নিজ দেশলৈ ওভতাই পঠোৱাৰ তথ্য চৰকাৰে প্ৰকাশ কৰিছিল। শনিবাৰে নিশাও পুনৰ ১৮ জন অনুপ্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক ফেচবুক পোষ্ট যোগে কালি তেওঁ এই বিষয়ে জানিবলৈ দিয়ে।
  4. সোমবাৰে কংগ্ৰেছত যোগদান কৰে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাক্তন বিধায়কে। দিল্লীত দলৰ কেইজনমান শীৰ্ষ নেতাৰ  লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগ দিয়ে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, বিজেপিৰ দুই প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মানচিং ৰংপীয়ে।
  5. আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এউ এ ইত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। নিশা ৮ বজাৰ পৰা এই মেচখন আৰম্ভ হ’ব। ক্ৰিকেটপ্ৰেমীসকলে চ’নী স্পৰ্টছ নেটৱৰ্ক আৰু চনী লিভ এপত এই মেচখন উপভোগ কৰিব পাৰিব।
  6. চীনত চলি থকা মহিলা হকী এছিয়া কাপৰ ছুপাৰ ৪ত প্ৰৱেশ কৰিছে ভাৰতে। কালি এখন পুল মেচত ভাৰতে ছিংগাপুৰক ১২-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। এইদৰে ভাৰতে পুল পৰ্যায়ত দুখনত জয় আৰু এখনত ড্ৰ খেলি শীৰ্ষস্থানীয় দল ৰূপে ছুপাৰ ৪ পৰ্যায়ৰ পথ প্ৰশস্ত কৰে। ভাৰতৰ হৈ কালিৰ মেচখনত নৱনীত কৌৰ আৰু মুমতাজ খানে হেট্ৰিক অৰ্জন কৰে।
  7. কালি ৰাজ্যজুৰি উদযাপন কৰা হয় সুধাকণ্ঠ ° ভূপেন হাজৰিকাৰ ওপজা দিন। খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ ঘোষণা কৰা মতে, ৰাজ্য চৰকাৰে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম এতিয়াৰ পৰা ভূপেন হাজৰিকা সমন্বয় তীৰ্থ হিচাপে নামাংকণ কৰাৰ সিদ্ধান্ত লৈছে। লগতে কলাক্ষেত্ৰত ভূপেন হাজৰিকাৰ নামত সংগ্ৰহালয় স্থাপন হ’ব বুলিও তেওঁ ঘোষণা কৰে।
  8. গুৱাহাটীৰ হিট এণ্ড ৰান গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপে সোমবাৰে জামিন লাভ কৰে। নন্দিনীৰ গাড়ীৰ খুন্দাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ পিছত পাণবজাৰ আৰক্ষীয়ে ৩০ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু উপযুক্ত নথি-প্ৰমাণৰ অভাৱত সোমবাৰে তেওঁক আদালতে জামিন প্ৰদান কৰে।