শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Ratan Tata News: ২০২১ চন, গোপনে ৮৩ বছৰ বয়সত অকলে ১৫০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰতন টাটাই,কিয় জানেনে?

Ratan Tata News: ২০২১ চন, গোপনে ৮৩ বছৰ বয়সত অকলে ১৫০ কিলোমিটাৰ যাত্ৰা কৰিছিল ৰতন টাটাই,কিয় জানেনে?

manas-borah
Manas Borah | Published: 11 Sep 2025 00:32 AM

ৰতন টাটাই মুম্বাইৰ পৰা পুনেলৈ প্ৰায় ১৫০ কিলোমিটাৰ নিজাকৈ যাত্ৰা কৰিছিল। ব্যৱসায় বা কোনো জৰুৰী সভাৰ বাবে নহয়। তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল টাটা গ্ৰুপৰ এজন প্ৰাক্তন কৰ্মচাৰীক ব্যক্তিগতভাৱে লগ পোৱা।

চন ২০২১, জানুৱাৰী মাহ। তেতিয়াৰ ৮৩ বছৰীয়া ৰতন টাটাই মুম্বাইৰ পৰা পুনেলৈ প্ৰায় ১৫০ কিলোমিটাৰ নিজাকৈ যাত্ৰা কৰিছিল। ব্যৱসায় বা কোনো জৰুৰী সভাৰ বাবে নহয়। তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল টাটা গ্ৰুপৰ এজন প্ৰাক্তন কৰ্মচাৰীক ব্যক্তিগতভাৱে লগ পোৱা। যিজন আছিল অসুস্থ ।

টাটা গ্ৰুপৰ সেই প্ৰাক্তন কৰ্মচাৰীজনৰ নাম যোগেশ দেশাই। প্ৰায় ২৫ বছৰ ধৰি টাটা গ্ৰুপৰ সৈতে জড়িত আছিল তেওঁ। ২০১৯ চনৰ পৰা অসুস্থতাৰ বাবে বিচনাত সময় পাৰ কৰিবলগীয়া হৈছিল যোগেশে। অসুস্থ যোগেশ দেশাইৰ খবৰ ল’বৰ বাবেই ৰতন টাটা পুনেলৈ গৈছিল।

এই ভ্ৰমণৰ বিষয়ে ক’তো প্ৰচাৰ হোৱা নাছিল। কাৰণ, ৰতন টাটা আছিল এগৰাকী প্ৰচাৰবিমুখ ব্যক্তি। গতিকে এই ভ্ৰমণত তেওঁৰ লগত নাছিল কোনো সংবাদ মাধ্যম, কেমেৰা বা নিৰাপত্তাৰক্ষী। সম্পূৰ্ণ নিৰৱে পুনেৰ ফ্ৰেণ্ডছ কলনীত যোগেশৰ ঘৰত উপস্থিত হৈছিল ৰতন টাটা। তাতে তেওঁ পূৰ্বৰ সহকৰ্মীজনৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। এইদৰে যোগেশ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কিছু সময় কটাই মুম্বাইলৈ উভতি আহে ৰটন টাটা।