শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পৃথক কমতাপুৰৰ দাবীত প্ৰতিবাদ আক্ৰাছুৰ, লাঠীচাৰ্জ কৰি বিপদত আৰক্ষী বিষয়া...

পৃথক কমতাপুৰৰ দাবীত প্ৰতিবাদ আক্ৰাছুৰ, লাঠীচাৰ্জ কৰি বিপদত আৰক্ষী বিষয়া…

barasha-sarma
Barasha Sarma | Published: 11 Sep 2025 19:47 PM

ধুবুৰীত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনা। একাংশ প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে আৰক্ষী, চি আৰ পি এফে। তাৰ পাছতে আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত বুধবাৰে ধুবুৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়। কিন্তু ইয়াৰ মাজতে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। একাংশ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে আৰক্ষী, চি আৰ পি এফৰ জোৱান। আৰক্ষীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে। যাৰ ফলত অৰ্ধশতাধিক পুৰুষ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে আহতসকলক হাস্পাতালত প্ৰেৰণ কৰা হয়।

এই ঘটনাৰ পাছতে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ইয়াৰোপৰি তদন্তৰ আওতালৈ আহিছে এছ এছ পি লীনা দলে আৰু দুগৰাকী উপ-আৰক্ষী অধীক্ষক।

এই ঘটনাই আজিও ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজিৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তত একাংশ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি লীনা দলেক নিলম্বনৰ দাবী জনায়।