RCB vs PBKS, IPL 2025 Final Live Score: বাস্তৱ হ’ল ই চালা কাম নামডেঃ পঞ্জাৱৰ আশা চূৰ্ণ কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ জয় আৰচিবিৰ
Royal Challengers Bengaluru vs Punjab Kings IPL 2025 Final Live Score in Assamese: দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰথমবাৰৰ বাবে আই পি এল খিতাপত চুম্বন দিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। প্ৰতিযোগিতাৰ ফাইনেলত আজি পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি আই পি এল ২০২৫ জয় কৰে আৰচিবিয়ে।

বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল। আজি অন্ত পৰিব এই প্ৰতিযোগিতাৰ ১৮ সংখ্যক সংস্কৰণ। বহু প্ৰতীক্ষিত ফাইনেলত আজি প্ৰতিদ্বন্দিতাত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত মেচ। এই দুয়োটা দলেই আই পি এলৰ উদ্বোধনী বৰ্ষ অৰ্থাৎ ২০০৮ চনৰ পৰাই প্ৰতিযোগিতাত অংশ লৈ আহিছে যদিও এইপৰ্যন্ত লাভ কৰা নাই খিতাপৰ সোৱাদ। সেয়ে এই খিতাপৰ খৰাং দূৰ কৰি আজি নিজৰ প্ৰথমটো আই পি এল খিতাপ জয়ৰ লক্ষ্যৰে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব দুয়োটা দল। অৰ্থাৎ যিটো দলেই জয়ী নহওক কিয়, কাইলৈ আই পি এলে লাভ কৰিব এক নতুন চেম্পিয়ন দল। ইফালে ফাইনেল মেচৰ পূৰ্বে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানেও স্বাভাৱিকতেই দৃষ্টি আকৰ্ষণ কৰিব অনুৰাগীৰ।
LIVE NEWS & UPDATES
-
আৰচিবিৰ দখললৈ আই পি এল ২০২৫
অৱশেষত অন্ত পৰিল অপেক্ষাৰ। পূৰ্ণতা পালে ই চালা কাপ নামডে শ্ল’গানে। পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰিলে আৰচিবিয়ে। অন্তিম অভাৰত পঞ্জাৱক জয়ৰ বাবে ২৯ ৰানৰ প্ৰয়োজন হৈছিল যদিও শশাংক সিঙে অভাৰটোত ২২ ৰান সংগ্ৰহ কৰে আৰু এইদৰে আৰচিবিয়ে দূ কৰে ১৭ বছৰীয়া খিতাপৰ খৰাং। ৰজত পাটিদাৰৰ নেতৃত্বত আৰচিবিয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰে আই পি এলৰ ১৮ সংখ্যক সংস্কৰণত।
-
শশাংকৰ অৰ্ধশতক
পৰাজয় নিশ্চিত হ’লেও এক যুঁজাৰু অৰ্ধশতক শশাংকৰ বেটৰ পৰা।
-
দয়ালে বিদায় দিলে ওমৰজাইক
ক্ৰমাৎ মেচৰ স্থিতি নিজৰ পক্ষলৈ আনিছে আৰচিবিয়ে। গুৰুত্বপূৰ্ণ সময়ত য়শ দয়ালে বিদায় দিছে আজমতুল্লাহ ওমৰজাইক। মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই ওমৰজাইয়ে ক্ৰীজ এৰে।
-
একেটা অভাৰতে দুটাকৈ উইকেট দখল ভুবনেশ্বৰ কুমাৰৰ
একেটা অভাৰতে দুটাকৈ উইকেট হেৰুৱাই সংকটত পঞ্জাব কিংছ । ভুবনেশ্বৰ কুমাৰৰ বলত প্ৰথমে নেহাল ৱাধেৰা আৰু তাৰ পাছতেই মাৰ্কাছ ষ্টইনিছ আউট হয় । পঞ্জাবক জিকিবলৈ এতিয়াও ৪৬ ৰাণৰ প্ৰয়োজন ।
-
অন্তিম ৫ অভাৰত প্ৰয়োজন ৰান
১৫ অভাৰৰ অন্তলৈ পঞ্জাৱে সংগ্ৰহ কৰিছে ১১৯ ৰান। হাতত ৬টা উইকেট বাকী থকা অৱস্থাত অন্তিম ৫ অভাৰত দলটোক ৭২ ৰানৰ প্ৰয়োজন।
-
ইংলিছক বিদায় দিলে ক্ৰুনালে
ক্ৰীজত দৃঢ়তাৰে থিয় দি ইনিংছ আগুৱাই নিয়া জ’ছ ইংলিছেও লৈছে বিদায়। ইংলিছক বিদায় দিছে ক্ৰুনাল পাণ্ডিয়াই। এইপৰ্যন্ত ইনিংছত দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ইংলিছে এটা চাৰি আৰু ৪টা ছয়েৰে ২৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰে।
-
আয়াৰ উভতিল পেভিলিয়নলৈ
ৰোমাৰিঅ’ শ্বেফাৰ্ডে গুৰুতৰ আঘাত হানিছে পঞ্জাৱৰ শিবিৰত। দলটোৰ প্ৰধান শক্তি অধিনায়ক শ্ৰেয়স আয়াৰক বিদায় দিছে শ্বেফাৰ্ডে। আয়াৰে মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই ক্ৰীজ এৰিছে।
-
ক্ৰুনালৰ চিকাৰ প্ৰভচিমৰণ
মাত্ৰ ৯ ৰানৰ ব্যক্তিগত স্ক’ৰত জীৱনদান পোৱা প্ৰভচিমৰণে এই সুযোগ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল যদিও ক্ৰুনালে তেওঁৰ আশা ভংগ কৰে। ভুৱনেশ্বৰৰ হাতত কেচ তুলি দি বিদায় লোৱা প্ৰভচিমৰণে ২২টা বলত ২৬ ৰান সংগ্ৰহ কৰে।
-
৫০ পাৰ স্ক’ৰ
দলীয় স্ক’ৰ ৫০ অতিক্ৰম হৈছে পঞ্জাৱৰ। ইনিংছৰ ৫.৫ অভাৰত এটা ছয় কোবাই জ’ছ ইংলিছে দলৰ স্ক’ৰ ৫০ৰ ওপৰলৈ নিয়ে। অভাৰৰ অন্তিমটো বল ডট হোৱাৰ বাবে বেটিং পাৱাৰ প্লে’ৰ সমাপ্তিলৈ পঞ্জাৱে এক উইকেটত ৫২ ৰান সংগ্ৰহ কৰিছে।
-
প্ৰিয়াংশৰ বিদায়
পঞ্জাৱৰ শিবিৰত লাগিছে প্ৰথমটো আঘাত। জ’ছ হেজেলউডে বিদায় দিছে অপেনাৰ প্ৰিয়াংশ আৰ্যক। বাউণ্ডেৰীত ফিল ছল্টে আয়ত্ব কৰা এক বুদ্ধিদীপ্ত কেচৰ ফলস্বৰূপে প্ৰিয়াংশে ১৯টা বলত ২৪ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
ৰক্ষা পৰিল প্ৰভচিমৰণ
ইনিংছৰ তৃতীয় অভাৰৰ চতুৰ্থ বলত ৰক্ষা পৰিছে প্ৰভচিমৰণ সিং। জ’ছ হেজেলউডৰ বলত প্ৰভচিমৰণে তুলি দিয়া এটা কেচ বাউণ্ডেৰীত আয়ত্ব কৰাত বিফল হয় ৰোমাৰিঅ’ শ্বেফাৰ্ড। সেই সময়ত প্ৰভচিমৰণে ৯ ৰানত বেটিং কৰি আছিল।
-
প্ৰথম অভাৰত ১৩ ৰান
১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰি প্ৰথমটো বলতে এটা চাৰিৰে ইনিংছ আৰম্ভ কৰিছে পঞ্জাৱে। ভুৱনেশ্বৰৰ প্ৰথমটো বলত প্ৰিয়াঞ্চে এটা চাৰি কোবোৱাৰ পিছত অন্তিমটো বলত প্ৰভচিমৰণ সিঙে এটা ছয় কোবায়। এইদৰে পঞ্জাৱে প্ৰথম অভাৰত ১৩ ৰান সংগ্ৰহ কৰিছে।
-
আৰচিবিৰ সংগ্ৰহ ১৯০
প্ৰথমটো খিতাপৰ সন্ধানত থকা আৰচিবি আৰু পঞ্জাৱৰ মাজত এতিয়া সংখ্যাৰ অংক। আৰচিবিয়ে ইনিংছৰ সমাপ্তিলৈ সংগ্ৰহ কৰে ৯ উইকেটত ১৯০ ৰান। অন্তিম অভাৰত অৰ্শদীপে দখলে কৰে ৩টা উইকেট। এইদৰে এতিয়া জয়ৰ বাবে ১৯১ ৰানৰ লক্ষ লাভ কৰিছে পঞ্জাৱে।
-
আন এক উইকেট
শ্বেফাৰ্ডৰ পিছত ক্ৰুনাল পাণ্ডিয়াকো বিদায় দিছে অৰ্শদীপ সিঙে। মাত্ৰ ৪ ৰান কৰিয়েই ক্ৰুনালে বিদায় লয়।
-
শ্বেফাৰ্ডৰ বিদায়
ইনিংছৰ অন্তিম অভাৰৰ দ্বিতীয়টো বলত অৰ্শদীপ সিঙে দখল কৰিছে ৰোমাৰিঅ’ শ্বেফাৰ্ডৰ উইকেট। শ্বেফাৰ্ডে ৯টা বলত এটাকৈ চাৰি আৰু ছয়েৰে ১৭ ৰান সংগ্ৰহ কৰে।
-
জিতেশৰ বিদায়
এক চমু অথচ গুৰুত্বপূৰ্ণ ইনিংছ খেলি বিদায় লৈছে জিতেশ শৰ্মাই। বিজয় কুমাৰ ব্যৈশাকে জিতেশক বিদায় দি আৰচিবিৰ ৰানৰ গতি কিছু হ’লেও হ্ৰাস কৰা বুলি ক’ব পাৰি। জিতেশে ১০ বলত দুটাকৈ চাৰি আৰু ছয়েৰে ২৪ ৰান সংগ্ৰহ কৰে।
-
লিভিংষ্ট’ন আউট
অভাৰৰ প্ৰথম চাৰিটা বলত ২২ ৰান খৰচ কৰিলেও পঞ্চম বলত সফল প্ৰত্যাৱৰ্তন ঘটাইছে কাইল জেমিচনে। লিভিংষ্ট’নক বিদায় দি জেমিচনে মেচত নিজৰ তৃতীয়টো উইকেট লাভ কৰে। লিভিংষ্ট’নে ১৫টা বলত দুটা ছয়েৰে ২৫ ৰান সংগ্ৰহ কৰে।
-
জিতেশৰ আক্ৰমণ
আৰচিবিৰ স্ক’ৰব’ৰ্ডত গতি বৃদ্ধি কৰিছে জিতেশ শৰ্মাই। কোহলীৰ বিদায়ৰ পিছত ক্ৰীজলৈ অহা জিতেশে এইপৰ্যন্ত ৮টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ২৪ ৰান সংগ্ৰহ কৰিছে।
-
কোহলীক বিদায় দিলে ওমৰজাইয়ে
আৰচিবি সন্মুখীন হৈছে গুৰুতৰ আঘাতৰ। এইবাৰ ক্ৰীজ এৰিছে দলৰ আটাইতকৈ প্ৰধান শক্তি বিৰাট কোহলীয়ে। ওমৰজাইৰ বলত বিদায় লোৱা কোহলীয়ে ৩৫টা বলত ৩টা চাৰিৰে ৪৫ ৰান সংগ্ৰহ কৰে।
-
১৩ অভাৰত সংগ্ৰহ ১১১ ৰান
১৩ অভাৰৰ সমাপ্তিলৈ আৰচিবিয়ে সংগ্ৰহ কৰিছে ১১১ ৰান। ক্ৰীজত ৩৫ ৰান কৰি বিৰাট কোহলী আৰু ৬ ৰান কৰি লিভিংষ্ট’নে বেটিং কৰি আছে। হাতত ৭টা উইকেট বাকী থকা অৱস্থাত দলটোৱে এতিয়া অন্তিম ৭ অভাৰত কিমান ৰান সংগ্ৰহ কৰিব পাৰে লক্ষণীয় হ’ব।
-
পাটিদাৰৰ বিদায়
সফল আৰম্ভণি কৰিলেও অধিক সময় ক্ৰীজত নিটিকিল অধিনায়ক ৰজত পাটিদাৰ। মেচত নিজৰ দ্বিতীয়টো চিকাৰৰ ৰূপত কাইল জেমিচনে পাটিদাৰক পেভিলিয়নৰ পথ দেখুৱাইছে। পাটিদাৰে ১৬টা বলত এটা চাৰি আৰু দুটা ছয়েৰে ২৬ ৰান সংগ্ৰহ কৰি বিদায় লয়।
-
মায়াংকক বিদায় দিলে চাহালে
আৰচিবিয়ে হেৰুৱাইছে দ্বিতীয়টো উইকেট। এইবাৰ চাহালে বিদায় দিছে মায়াংক যাদৱক। মায়াংকে ১৮টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২৪ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে।
-
৫০ পাৰ দলীয় স্কৰ
ছল্টৰ উইকেট হেৰুৱালেও ৰানৰ গতি হ্ৰাস পোৱা নাই আৰচিবিৰ। ৫.৪ অভাৰত দলৰ স্ক’ৰ ৫০ৰ পাৰ হৈছে। বিজয় কুমাৰ ব্যৈশাকৰ বলত এটা চাৰি কোবাই মায়াংক আগৰৱালে দলৰ স্ক’ৰ ৫০ৰ ওপৰলৈ নিয়ে।
-
ছল্টে ল’লে বিদায়
আক্ৰমণাত্মক আৰম্ভণি দি আশাৰ সঞ্চাৰ কৰিছিল যদিও পেভিলিয়নলৈ উভতিছে ফিল ছল্ট। ইনিংছৰ দ্বিতীয় অভাৰৰ চতুৰ্থটো বলত ছল্ট জেমিচনৰ চিকাৰ হয়। আয়াৰৰ হাতত কেচ দি বিদায় লোৱা ছল্টে ৯টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ১৬ ৰানৰ অৱদান আগবঢ়ায়।
-
প্ৰথমটো বাউণ্ডেৰী
ফিল ছল্টৰ বেটৰ পৰা আহিছে প্ৰথমটো বাউণ্ডেৰী। অৰ্শদীপ সিঙে কৰা মেচৰ প্ৰথম অভাৰৰ তৃতীয় বলত লেগ চাইডত এটা ছয় কোবাইছে ছল্টে।
-
ক্ৰীজত ছল্ট-কোহলী
প্ৰথমটো আই পি এল খিতাপৰ সন্ধানত আজি সৰ্বশক্তি উজাৰি দিবলৈ প্ৰস্তুত আৰচিবি। দলৰ দুই অপেনাৰ ফিল ছল্ট আৰু বিৰাট কোহলী প্ৰৱেশ কৰিছে ক্ৰীজত। এক সবল স্ক’ৰৰ ক্ষেত্ৰত দুয়োৰে ভূমিকা হ’ব লক্ষণীয়।
-
পঞ্জাৱ কিংছৰ মূল একাদশ
পঞ্জাৱ কিংছৰ মূল একাদশ আজি অপৰিৱৰ্তিত ৰূপত খেলপথাৰত নামিব। দলটোৰ মূল একাদশ হ’ব এনেধৰণৰ- প্ৰিয়াংশ আৰ্য, জ’ছ ইংলিছ, শ্ৰেয়স আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্ট’ইনিছ, আজমতুল্লাহ ওমৰজাই, কাইল জেমিছন, বিজয়কুমাৰ ব্যৈশাক, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল। ইম্পেক্ট চাবৰ ৰূপত প্ৰভচিমৰণ সিঙক দেখাৰ সম্ভাৱনাই অধিক।
-
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মূল একাদশ
ফাইনেল মেচত পূৰ্ণ শক্তিৰে খেলপথাৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। দলটোৰ মূল শক্তি হ’ব এনেধৰণৰ- ফিলিপ ছল্ট, বিৰাট কোহলী, মায়াংক আগৰৱাল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্ট’ন, জিতেশ শৰ্মা, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশ দয়াল, জ’ছ হেজলউড। আনহাতে লেগ স্পিনাৰ সুয়শ শৰ্মাই ইম্পেক্ট চাব ৰূপত দলত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
-
প্ৰথমে বলিঙৰ সিদ্ধান্ত আয়াৰৰ
বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ ফাইনেলৰ টছ ইতিমধ্যে হৈ গৈছে। টছত জয়ী হৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
-
সামৰণি অনুষ্ঠানৰ অন্ত
অন্ত পৰিছে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান। ইটোৰ পিছত সিটোকৈ কেইবাটাও গীতেৰে দৰ্শকৰ মন জয় কৰিলে শংকৰ মহাদেৱন আৰু তেওঁৰ সংগীবৃন্দই। কিছু সময়ৰ পিছতে দুই অধিনায়কৰ মাজত হ’ব টছ।
-
মঞ্চত শংকৰ মহাদেৱন আৰু দুই পুত্ৰ
সামৰণি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ দেশৰ প্ৰখ্যাত সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু তেওঁৰ দুই পুত্ৰ সিদ্ধাৰ্থ মহাদেৱন, শিৱম মহাদেৱনে অনুষ্ঠান পৰিৱেশন কৰিব। দেশৰ সেনাবাহিনীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব তেওঁলোকে।
-
সামৰণি অনুষ্ঠান আৰম্ভ
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হৈছে আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান। দেশৰ সেনাবাহিনীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে এই অনুষ্ঠানৰ জৰিয়তে। দেশপ্ৰেমমূলক গীতৰ তালে তালে নৃত্যশিল্পীসকলৰ নৃত্যানুষ্ঠানৰ জৰিয়তে অনুষ্ঠানৰ আৰম্ভণি হৈছে।
-
আই পি এলত দেখা যাব নতুন চেম্পিয়ন
এইবাৰ আই পি এলৰ ১৮ সংখ্যক ছিজন। এই ছিজনত দেখা পোৱা যাব এক নতুন চেম্পিয়ন দল। প্ৰথমবাৰৰ বাবে আচিবি আৰু পঞ্জাৱ কিংছৰ মাজত কোনো এটা দলে দখল কৰিব প্ৰতিযোগিতাৰ খিতাপ। ছিজনৰ বিগত ১৭টা ছিজনত ৩টা দলে আধিপত্য বিস্তাৰ কৰিছে। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছে ৫বাৰকৈ খিতাপ দখল কৰাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে ৩ বাৰ খিতাপ জয় কৰিছে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে ২০০৮ চনত, ডেক্কান চাৰ্জাৰ্ছ হায়দৰাবাদে ২০০৯ চনত, ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৬ চনত আৰু গুজৰাট টাইটানছে ২০২২ চনত আই পি এলত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।
-
কোৱালিফায়াৰৰ প্ৰদৰ্শন
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথম কোৱালিফায়াৰত পঞ্জাৱ কিংছক পৰাস্ত কৰিয়েই পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল। ইফালে প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱাৰ পিছত পঞ্জাৱ কিংছে লীগৰ শীৰ্ষস্থানত থকাৰ সূত্ৰে দ্বিতীয় কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিছিল আৰু মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰিছিল। উল্লেখ্য যে আৰচিবিয়ে প্ৰতিযোগিতাৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ফাইনেল খেলিব। আনহাতে পঞ্জাৱ কিংছৰ বাবে এয়া হ’ব প্ৰতিযোগিতাৰ ১৮ বছৰৰ ইতিহাসত দ্বিতীয় ফাইনেল।
-
দুয়ো দলৰ পূৰ্বৰ ৰেকৰ্ড
আই পি এলৰ উদ্বোধনী বৰ্ষ অৰ্থাৎ ২০০৮ চনৰ পৰাই আৰচিবি আৰু পঞ্জাৱ প্ৰতিযোগিতাত এইপৰ্যন্ত মুঠ ৩৬ বাৰ মুখামুখি হৈছে। ইয়াৰে ইতিমধ্যে এই ছিজনতে তিনিবাৰকৈ মুখামুখি হৈছে দল দুটা- লীগ পৰ্যায়ত দুবাৰ আৰু প্ৰথম কোৱালিফায়াৰ। এতিয়া ফাইনেলতো মুখামুখি হ’ব দুয়োটা দল। এই ৩৬ বাৰৰ মুখামুখিত দুয়োটা দলে ১৮ খনকৈ মেচত জয়লাভ কৰিছে।
-
এক বিশেষ যুদ্ধত পঞ্জাবৰ হাতত পৰাস্ত আৰ চি বি
আই পি এলৰ ফাইনেল মেচখনৰ পূৰ্বে ষ্টাৰ স্প’ৰ্টছে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা সমীক্ষা শ্বেয়াৰ কৰিছে, য’ত সোধা হৈছে যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত কোনটো দলে জয়লাভ কৰিব বুলি ভাবে অনুৰাগীয়ে? এই সমীক্ষাৰ মতে, ছ’চিয়েল মিডিয়াত ৫১% সমৰ্থন লাভ কৰি অনুৰাগীৰ মাজত পঞ্জাব কিংছৰ সামান্য অগ্ৰগতি আছে । ইয়াৰ আঁৰৰ ডাঙৰ কাৰণটো হ’ল যোৱা মেচখনত তেওঁলোকৰ প্ৰদৰ্শন ।
-
ট্ৰফী জয়েৰে অভিলেখ গঢ়াৰ সুযোগ দুই অধিনায়কৰ
৩১ বছৰীয়া ৰজত পাটিদাৰে এই ছিজনত প্ৰথমবাৰৰ বাবে আৰচিবিৰ অধিনায়ক হিচাপে দায়িত্ব চম্ভালিছে, তেওঁৰ হাতত আছে এক অনন্য অভিলেখ গঢ়ি তোলাৰ সুযোগ । আজি যদি আৰ চি বিয়ে এই ফাইনেলত জয়লাভ কৰে তেন্তে পাটিদাৰে আই পি এলৰ ইতিহাসত দ্ৰুততম খিতাপ বিজয়ী অধিনায়কৰ তালিকাত যোগ দিব । এই কৃতিত্বই তেওঁক অধিনায়কত্বৰ প্ৰথম ছিজনতে ট্ৰফী লাভ কৰা নিৰ্বাচিত কেইজনমান অধিনায়কৰ ভিতৰত স্থান দিব । এতিয়ালৈকে কেৱল হাৰ্দিক পাণ্ডিয়া আৰু শ্বেন ৱাৰ্নেহে এই কৃতিত্ব কৰিবলৈ সক্ষম হৈছে । হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত ২০২২ চনত গুজৰাটে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছিল, ইয়াৰ পূৰ্বে ২০০৮ চনত শ্বেন ৱাৰ্নে প্ৰথম ছিজনতে দলীয় চেম্পিয়ন হৈছিল ।
আনহাতে, পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে আই পি এলৰ ইতিহাসত কেতিয়াও নোহোৱা অভিলেখ গঢ়িবলৈ সুযোগ লাভ কৰিছে । আজি যদি পঞ্জাব কিংছে খিতাপ দখল কৰে তেন্তে আইপিএলত দুটা ভিন্ন ফ্ৰেঞ্চাইজিৰ হৈ খিতাপ দখল কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হ’ব আয়াৰ । ইয়াৰ পূৰ্বে ২০২৪ চনত কেকেআৰৰ অধিনায়কত্ব কৰি দলটোক খিতাপ দখল কৰিবলৈ নেতৃত্ব দিছিল তেওঁ ।
-
আৰচিবিৰ এইগৰাকী খেলুৱৈৰ অংশগ্ৰহণ অনিশ্চিত
বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত অষ্ট্ৰেলিয়াৰ পাৱাৰ হিটাৰ টিম ডেভিডে যোৱা দুখন মেচত হামষ্ট্ৰিঙৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছিল । আনকি তেওঁৰ অনুপস্থিতিতো আৰচিবিয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই কোৱালিফায়াৰ ১ত পঞ্জাব কিংছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । কিন্তু ফাইনেলৰ দৰে ডাঙৰ মেচত ডেভিদৰ উপস্থিতিয়ে আৰচিবিৰ বাবে গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ’ব পাৰে । কিন্তু তেওঁ এই মেচৰ অংশ হ’ব নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
খেলখনৰ পূৰ্বে সংবাদমেলত আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টিম ডেভিদৰ উপলব্ধতাৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট দিছিল । তেওঁ কয়, ‘‘এতিয়ালৈকে আমি টিম ডেভিদৰ অৱস্থাৰ বিষয়ে স্পষ্ট তথ্য পোৱা নাই । আমাৰ চিকিৎসা দল আৰু চিকিৎসকসকল তেওঁৰ লগত আছে, আৰু আজি সন্ধিয়াৰ ভিতৰত তেওঁৰ ফিটনেছৰ বিষয়ে চূড়ান্ত আপডেট আমি পাম ।” এই ছিজনটো টিম ডেভিদৰ বাবে এতিয়ালৈকে অতি ভাল আৰু তেওঁ আৰচিবিৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, গতিকে যদি তেওঁ এই মেচৰ পৰা আঁতৰি থাকে তেন্তে আৰচিবিৰ বাবে ই এক ডাঙৰ বিপৰ্যয় হ’ব ।
-
বিৰাট কোহলীৰ বাবে ডাঙৰ সংযোগ
আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ চূড়ান্ত খেল । এই দুয়োটা দলে এতিয়ালৈকে এবাৰো আই পি এলৰ ট্ৰফী লাভ কৰিব পৰা নাই । অৱশ্যে আই পি এল ২০২৫ৰ ট্ৰফী লাভ কৰিব পাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলে । বিৰাট কোহলীক লৈ এটা ডাঙৰ কাকতলীয়া সংযোগ দেখা গৈছে । বিৰাট কোহলীৰ জাৰ্চি নম্বৰ ১৮ আৰু এইটো আই পি এলৰ ১৮ সংখ্যক ছিজন । আটাইতকৈ আচৰিত কথাটো হ’ল ফাইনেলৰ তাৰিখ ৩-৬-২০২৫। যদি আমি ৩+৬+২+০+২+৫ ৰ ফলাফল গণনা কৰো, তেন্তে মুঠ ১৮।
যদি আৰ চি বিৰ ভাগ্য ভাল হয় তেন্তে প্ৰথমবাৰৰ বাবে আই পি এলৰ ট্ৰফী লাভ কৰিব পাৰে । ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দুবাৰকৈ আই পি এলৰ ফাইনেলত স্থান নিশ্চিত কৰিছিল । ২০০৯ চনত ফাইনেলত ডেকান চাৰ্জাৰ্ছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, আনহাতে ২০১৬ চনৰ ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বেয়াকৈ পৰাস্ত হৈছিল । অৱশ্যে এইবাৰ তেওঁলোকে নিশ্চিতভাৱে আই পি এলৰ ট্ৰফী জয় কৰিব বিচাৰিব ।
Published On - Jun 03,2025 11:00 AM