শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ বিৰুদ্ধে শৃংখলালৈ সাজু কেংগাৰু বাহিনী, নাথাকিব ভাৰতবাসীৰ স্বপ্ন চূৰ্ণ কৰা এইকেইজন তাৰকা

ভাৰতৰ বিৰুদ্ধে আগন্তুক এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। ঘোষিত এদিনীয়া দলত কোটি কোটি ভাৰতীয়ৰ আশা চূৰ্ণ কৰা অষ্ট্ৰেলিয়াৰ দুগৰাকী তাৰকাক জিৰণি দিয়া হৈছে। চাওক সবিশেষ।

ভাৰতৰ বিৰুদ্ধে শৃংখলালৈ সাজু কেংগাৰু বাহিনী, নাথাকিব ভাৰতবাসীৰ স্বপ্ন চূৰ্ণ কৰা এইকেইজন তাৰকা
ভাৰতৰ বিৰুদ্ধে শৃংখলালৈ ভাৰতীয় দল ঘোষণাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 07 Oct 2025 14:41 PM

সম্প্ৰতি ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ঘৰুৱা টেষ্ট শৃংখলাত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। এই শৃংখলাৰ পিছতে ভাৰতীয় দল সীমিত অভাৰৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণত ভাৰতীয় দলে কেংগাৰু বাহিনীৰ বিপক্ষে ৩খন এদিনীয়া আৰু ৫ খন টি-২০ মেচৰ শৃংখলাত অংশ ল’ব। ইতিমধ্যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। টি-২০ত সূৰ্যৰ নেতৃত্বত আৰু এদিনীয়াত নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলে কেংগাৰু বাহিনীক প্ৰতিদ্বন্দিতা আগবঢ়াব।

আজি ভাৰতৰ বিৰুদ্ধে আগন্তুক এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। এই দুয়োটা শৃংখলাতে অষ্ট্ৰেলিয়াৰ অধিনায়ক হিচাপে থাকিব মিচেল মাৰ্শ্ব। ঘোষিত এই দলত দেখা গৈছে কেইবাটাও পৰিৱৰ্তন। বিশেষকৈ ঘোষিত এদিনীয়া দলত মিচেল ষ্টাৰ্কৰ অন্তৰ্ভুক্তি লক্ষণীয় বিবেচিত হৈছে।

বিগত ১১ মাহৰ পাছত সীমিত অভাৰৰ ক্ৰিকেটলৈ উভতিছে মিচেল ষ্টাৰ্ক। টি-২০ৰ পৰা অৱসৰৰ সিদ্ধান্তৰ পিছত এয়াই হ’ব ষ্টাৰ্কৰ প্ৰথমটো সীমিত অভাৰৰ শৃংখলা। তাৰকা পেচাৰগৰাকীৰ লগতে মেট ৰেনশ্ব’ৱেও এদিনীয়া দলত স্থান লাভ কৰিছে। ইফালে জিৰণি দিয়া হৈছে নিয়মীয়া এদিনীয়া অধিনায়ক পেট কামিন্সক।

এদিনীয়া শৃংখলাৰ বাবে ১৫ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে ১৪ জনীয়া দল বাছনি কৰা হৈছে। ঘোষিত এদিনীয়া দলত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত অংশ লোৱা তিনিজন খেলুৱৈক বাদ দিছে। এই খেলুৱৈ তিনিজন হৈছে ক্ৰমে এৰন হাৰ্ডি, মেথিউ কুনহেমেন, মাৰ্নাছ লাবুশ্বেন।

এই তিনি খেলুৱৈৰ স্থানত ষ্টাৰ্ক, মিচেল ওৱেন, মেট ৰেনশ্ব’, মেথিউ শ্বৰ্টকে ধৰি চাৰিজন খেলুৱৈক এদিনীয়া দলত সংযোজন কৰা হৈছে। ইফালে টি২০ দলত এলেক্স কেৰী আৰু জোছ ফিলিপছক বাদ দিয়াৰ বিপৰীতে নাথান এলিছ আৰু জোছ ইংলিছক অন্তৰ্ভুক্ত কৰা হৈছে।

অষ্ট্ৰেলিয়াৰ ঘোষিত এদিনীয়া দলঃ মিচেল মাৰ্শ্ব (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, এলেক্স কেৰী, কুপাৰ কনলি, নাথান এলিছ, কেমেৰুন গ্ৰীণ, জ’ছ হেজলউড, বেন ড্ৱাৰ্শ্বুইছ, ট্ৰেভিছ হেড, মিচেল ওৱেন, জ’ছ ইংলিছ, মেট ৰেনশ্ব, মেথিউ শ্বৰ্ট, মিচেল ষ্টাৰ্ক, এডাম জাম্পা

অষ্ট্ৰেলিয়াৰ ঘোষিত টি-২০ দলঃ মিচেল মাৰ্শ্ব (অধিনায়ক), শ্বিন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিড, নাথান এলিছ, জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংলিছ, মেথিউ কুননেমেন, মিচেল ওৱেন, বেন ড্ৱাৰ্শ্বুইছ, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা