যথেষ্ঠ জনপ্ৰিয় শ্বেফালী জাৰিৱালাৰ প্ৰাক্তন স্বামী, কিন্তু কিয় চুৰি কৰিছিল পত্নীৰ ধন?
বিখ্যাত সংগীত পৰিচালকৰ যুটি Meet Brosৰ অংশ হিচাপে সংগীত জগতৰ সুপৰিচিত নাম হৰমিত সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু এই বিবাহ বেছি দিন নাথাকিল আৰু বিবাহ বিচ্ছেদ হয়।

কাটা লাগাৰ জৰিয়তে নিশাটোৰ ভিতৰতে তাৰকা হিচাপে পৰিগণিত হোৱা অভিনেত্ৰী শ্বেফালী জাৰিৱালাই পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনতো বহু উত্থান-পতনৰ সন্মুখীন হৈছে। এফালে তেওঁৰ গীতটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছুপাৰহিট হৈ পৰাৰ বিপৰীতে আনফালে প্ৰথম বিবাহৰ অন্ত বিতৰ্কৰে ভৰি পৰিছিল। বিখ্যাত সংগীত পৰিচালক যুটি মিট ব্ৰাদাৰ্ছৰ অংশ হিচাপে থকা সংগীত জগতৰ সুপৰিচিত নাম হৰমিত সিঙৰ সৈতে শ্বেফলীয়ে বিবাহপাশত আবদ্ধ হয়।কিন্তু এই বিবাহ বেছি দিন নাথাকিল আৰু বিবাহ বিচ্ছেদ হয়। কাৰণ কেৱল শাৰীৰিক আক্ৰমণেই নহয় লাখ লাখ টকা চুৰিও।
শ্বেফালী জাৰিৱালাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে, তেওঁৰ অজ্ঞাতে তেওঁৰ বেংক একাউণ্টৰ পৰা ১২ লাখ টকা উলিওৱা হৈছিল, আৰু যেতিয়া তেওঁ এই বিষয়ে প্ৰশ্ন উত্থাপন কৰে তেতিয়া তেওঁক মানসিক আৰু শাৰীৰিকভাৱেও অত্যাচাৰ কৰা হৈছিল। এই লেনদেন তেওঁৰ প্ৰাক্তন স্বামীয়ে কৰা বুলি অভিযোগ কৰে শ্বেফালীয়ে।
যদিও এই অভিযোগ সন্দৰ্ভত হৰমিত সিঙে কোনো আইনী স্পষ্টীকৰণ দিয়া নাছিল, তথাপিও সংবাদ মাধ্যমৰ বাতৰিত ইয়াক “নিৰ্যাতনমূলক বিবাহ” বুলি অভিহিত কৰিছিল।
হৰমিত সিং কিমান ধনী?
শ্বেফলীৰ প্ৰথম বিবাহ বেছি দিন নাথাকিল। ২০০৪ চনত বিবাহপাশত আবদ্ধ হয় আৰু পাঁচ বছৰৰ পিছত ২০০৯ চনত বিবাহ বিচ্ছেদ হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মিট ব্রাদার্ছ অৰ্থাৎ হৰমিত সিং আৰু মনমিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪২,৭৪,২৭,৫০০ টকাৰ পৰা ৮৫,৪৮,৫৫,০০০ টকাৰ ভিতৰত বুলি কোৱা হৈছে। দুয়ো ভাতৃয়ে একেলগে কাম কৰে। ইয়াৰ মতে হৰমিত সিঙৰ ব্যক্তিগত আয় এই পৰিমাণৰ আধা অৰ্থাৎ ১৭,০৯,৭১,০০০ টকাৰ পৰা ৪২,৭৪,২৭,৫০০ টকাৰ ভিতৰত হ’ব পাৰে।
পৰাগ ত্যাগীৰ সৈতে বিবাহপাশত আবদ্ধ
বিবাহ বিচ্ছেদৰ পিছত শ্বেফালীয়ে ২০১৪ চনত অভিনেতা পৰগ ত্যাগীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ শক্তিশালী বন্ধন ছ’চিয়েল মিডিয়া আৰু ৰিয়েলিটি শ্ব’তো দেখা গৈছিল। তথ্য অনুসৰি পৰাগ ত্যাগীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১১ কোটি টকা বুলি অনুমান কৰা হৈছে।