এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ

28 June 2025

TV9 ASSAM

Photos Credit: Getty Images

মানুহৰ দেহৰ A,B,AB আৰু O ৰ ব্লাড গ্ৰুপৰ বিষয়ে সকলোৱে জানে। এতিয়া এগৰাকী মহিলাৰ দেহত পোৱা গৈছে নতুন ব্লাড গ্ৰুপ।

নতুন ব্লাড গ্ৰুপ

প্ৰশ্ন হয় এই নতুন ব্লাড গ্ৰুপ ক'ৰ পৰা আহিল? সবিশেষ এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক।

ক'ৰ পৰা আহিল?

১৫ বছৰীয়া গৱেষণাৰ অন্তত এই নতুন ব্লাড গ্ৰুপ আবিষ্কাৰ কৰা হৈছে। এই নতুন গ্ৰুপক গ্ৱাডা নেগেটিভ বুলি কোৱা হয়।

গ্ৱাডা নেগেটিভ

এই নতুন ব্লাড গ্ৰুপ ফ্ৰান্সৰ এগৰাকী ৬৮ বছৰীয়া মহিলাৰ দেহত পোৱা গৈছে। মহিলাগৰাকী গুৱাডেলুপৰ বাসিন্দা। সেই অনুসৰি ব্লাড গ্ৰুপৰ নামকৰণ কৰা হৈছে।

ব্লাড গ্ৰুপৰ নামকৰণ

ফ্ৰান্স ব্লাড এষ্টাব্লিচমেণ্ট(EFS) য়ে প্ৰকাশ কৰা অনুসৰি ১৫ বছৰ পূৰ্বে মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰা হৈছিল।

অস্ত্ৰোপচাৰ

সেই সময়ত পেৰিছত বাস কৰা মহিলাগৰাকীৰ বয়স আছিল ৫৪ বছৰ। তেজৰ পৰীক্ষাত তেওঁৰ পৰা পৃথক তেজৰ নমুনা লাভ কৰিছিল গৱেষকে।

তেজৰ পৰীক্ষা

সেই সময়ৰ পৰা ১৫ বছৰ গৱেষণা অন্তত লাভ কৰিছে নতুন ব্লাড গ্ৰুপ। EFS য়ে ঘোষণা কৰিছে যে, এইটো হৈছে বিশ্বৰ ৪৮ নম্বৰ ব্লাড গ্ৰুপ।

৪৮ নম্বৰ ব্লাড গ্ৰুপ

ইণ্টাৰনেচনেল চচাইটি অৱ ব্লাড ট্ৰান্সিউজনে(ISBT) ৪ জুনত এই নতুন ব্লাড গ্ৰুপটোক স্বীকৃতি প্ৰদান কৰে।

স্বীকৃতি

পঢ়িবলৈ ক্লিক কৰক

ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়