গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? 

28 JUNE 2025

TV9 ASSAM

গোৰোহাৰ বিষ বা ফুলা এটা সাধাৰণ সমস্যা, যিটো থিয় হলে , খোজ কাঢ়িলে বা দৌৰিলে বেছি হয়। কিন্তু এই সমস্যা স্থায়ী হ’লে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। জানো আহক।

গোৰোহাৰ বিষ বা ফুলা

ডাঃ দীপক সুমনে কয় যে প্লাণ্টাৰ ফেচিয়াটিছ ইয়াৰ অন্যতম সাধাৰণ কাৰণ। গোৰোহাৰ হাড়ৰ লগত ভৰিৰ আঙুলিলৈকে সংযুক্ত হৈ থকা এটা কলা (Tissue) হৈছে প্লাণ্টাৰ ফেচিয়াটিছ। ফুলিলে গোৰোহাত তীব্ৰ বিষ হয়। দীৰ্ঘ সময় থিয় হৈ থকা, ভুলকৈ জোতা পিন্ধা আৰু অতিৰিক্ত ওজন হোৱাৰ বাবেই এনে হয়।

প্লাণ্টাৰ ফেচিয়াটিছ

গোৰোহাৰ পিছফালৰ অংশ ফুলিলে এনে অৱস্থা হয়। বেছিকৈ দৌৰা, চিৰি বগোৱা আৰু হঠাতে ব্যায়াম বৃদ্ধি কৰা আদিয়েই ইয়াৰ কাৰণ।

গোৰোহাত আঘাত

ইউৰিক এচিড অতিমাত্ৰা সেৱনৰ ফলত হোৱা অষ্টিঅ’আৰ্থাইটিছ, বাতবিষ আদি ৰোগত আক্ৰান্ত হয়। বয়স বৃদ্ধি, মেদবহুলতা আৰু জিনীয় কাৰকসমূহ ইয়াৰ কাৰণসমূহৰ ভিতৰত অন্যতম।

বাতবিষ

গোৰোহাত দীৰ্ঘসময় ধৰি চাপ দিয়াৰ বাবে হাড়ত সামান্য ফাট মেলিব পাৰে, যাক ষ্ট্ৰেছ ফ্ৰেক্টৰ বোলা হয়। এনে অৱস্থাত খোজ কাঢ়ি বা দৌৰিলে বিষ বাঢ়ি যায়।

গোৰোহাৰ হাড় ভঙা

গোৰোহাৰ বিষ বা ফুলাৰ পৰা হাত সাৰিবলৈ জিৰণি লওক, বৰফ লগাওক, আৰামদায়ক জোতা পিন্ধক আৰু পাতল ষ্ট্ৰেচিং কৰক।

সঠিক চিকিৎসা

যদি ৩-৪ দিনতকৈ অধিক সময় গোৰোহাৰ বিষ থাকে, বেছিকৈ ফুলে আৰু খোজ কঢ়াত অসুবিধা হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাব লাগে।

চিকিৎসকৰ পৰামৰ্শ

চাবলৈ ক্লিক কৰক 

বাবা ভাংগাৰ  ভয়ংকৰ ভৱিষ্যদ্বাণী