28 June 2025
TV9 ASSAM
Photos Credit: Getty Images
গৰমৰ দিনত প্ৰায়ে দোকানৰ পৰা মিনাৰেল পানীৰ বটল ক্ৰয় কৰি খোৱা হয়। ডিহাইড্ৰেচনৰ পৰা ৰক্ষা পাবলৈ পানী খোৱাটো অতি প্ৰয়োজন।
একেদৰে হোটেল বা ৰেষ্টুৰেন্টত গ'লেও প্ৰায়ে মিনাৰেল পানী বটল ক্ৰয় কৰি খোৱা হয়। কিন্তু আপুনি মন কৰিছেনে যে,প্ৰতিটো বটলৰ সাঁফৰৰ ৰং বেলেগ বেলেগ থাকে।
পানী বটলৰ সাঁফৰৰ কোনটো ৰঙে কি বুজায়? এই ৰংবোৰে পানীৰ গুণাগুণ নিৰ্ধাৰণ কৰে নেকি?
যদি বটলটোৰ সাঁফৰৰ ৰং সেউজীয়া হয়, তেন্তে আপুনি জানিব যে, পানীত বিশেষ সোৱাদ যোগ কৰা হৈছে।
যদি পানী বটলৰ সাঁফৰখন নীলা হয় তেন্তে বুজিব যে, পানীখিনি সম্পূৰ্ণ প্ৰাকৃতিক। ইয়াত কোনো ধৰণৰ বিশেষ সোৱাদ যোগ কৰা নাই।
যদি সাঁফৰখন ক'লা হয়, তেন্তে বুজিব যে এই পানী ব্যয়বহুল। কাৰণ এই পানীত ক্ষাৰকীয় পদাৰ্থ থাকে।
যদি সাঁফৰখন বগা হয়, তেন্তে বুজিব যে পানীখিনি ফিল্টাৰ কৰা হৈছে বা বিশেষ প্ৰক্ৰিয়াৰে বিশুদ্ধ কৰা হৈছে।
একেদৰে ৰঙা সাঁফৰৰ পানী বটলত ইলেক্ট্ৰলাইট আৰু ভিটামিন থাকে। এক কথাত পানী বটলৰ সাঁফৰৰ ৰঙে পানী গুণাগুণ নিশ্চিত কৰে।
পঢ়িবলৈ ক্লিক কৰক