প্লে’ অফৰ আশাৰ ওৰ পৰিব মুম্বাইৰ, দিল্লীৰ হ’ব ভাগ্যোদয়! কিয় দেখা গৈছে এনে সম্ভাৱনা?
আই পি এল ২০২৫ত প্লে’ অফৰ বাকী থকা এটা স্থানৰ বাবে দিল্লী আৰু মুম্বাইৰ মাজত এতিয়া দেখা যাব প্ৰতিদ্বন্দিতা। পিছে আই পি এলৰ ইতিহাসৰ দিশৰ পৰা এতিয়া মুম্বাইক পিছলৈ এৰি দিল্লীয়ে প্লে’ অফত প্ৰৱেশ কৰাৰ সম্ভাৱনাই গা কৰি উঠিছে। দেখা গৈছে নতুন সমীকৰণ। পিছে কিয় হৈছে এই জল্পনা কল্পনা, এই দিশলৈয়ো আমি লক্ষ্য কৰিব লাগিব।

মুম্বাই নে দিল্লী, কোনে প্ৰৱেশ কৰিব প্লে’ অফত!
আই পি এল ২০২৫ৰ লীগ পৰ্যায় প্ৰায় অন্ত পৰাৰ দিশে। এইমুহূৰ্তলৈ তিনিটা দলে প্ৰতিযোগিতাৰ প্লে’ অফত স্থান নিশ্চিত কৰিছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱে কিংছে একেদিনাই প্ৰৱেশ কৰিছে প্লে’ অফত। আনহাতে বাকী আছে মাত্ৰ এটা স্থান। এই স্থানটোৰ বাবে দৌৰত আছিল মুম্বাই ইণ্ডিয়ানছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছ। কিন্তু কালি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে পৰাজয়ৰ লগে লগে লক্ষ্ণৌৰ আশা চূৰ্ণ হয় আৰু এইদৰে দিল্লী আৰু মুম্বাইৰ মাজত এতিয়া দেখা যাব প্ৰতিদ্বন্দিতা।
পিছে আই পি এলৰ ইতিহাসৰ দিশৰ পৰা এতিয়া মুম্বাইক পিছলৈ এৰি দিল্লীয়ে প্লে’ অফত প্ৰৱেশ কৰাৰ সম্ভাৱনাই গা কৰি উঠিছে। দেখা গৈছে নতুন সমীকৰণ। পিছে কিয় হৈছে এই জল্পনা কল্পনা, এই দিশলৈয়ো আমি লক্ষ্য কৰিব লাগিব। বৰ্তমান পইণ্ট তালিকাত দিল্লীতকৈ আগত আছে মুম্বাই। দলটোৱে ১২ খন মেচত ১৪ পইণ্ট সংগ্ৰহেৰে তালিকাৰ চতুৰ্থ স্থানত আছে। আনহাতে সমসংখ্যক মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে দিল্লী।
অৰ্থাৎ দুয়োটা দলৰ গ্ৰুপ পৰ্যায়ত দুখনকৈ মেচ বাকী আছে। লক্ষণীয়ভাৱে দল দুটাই খেলিবলৈ বাকী থকা দুখন মেচৰ এখনত পৰস্পৰৰ বিপক্ষেই অৱতীৰ্ণ হ’ব লাগিব। অৰ্থাৎ যদি কোনোবা এটা দল জয়ী হয়, এটা দলৰ পৰাজয় নিশ্চিত। কিন্তু এতিয়াৰ পৰিস্থিতিত দুয়োটা দলৰ বাবেই জয় অনিবাৰ্য। এইসময়লৈ মুম্বাই দিল্লীতকৈ এটা পইণ্টৰ লগতে ৰান ৰেটৰ দিশতো আগবাঢ়ি আছে। সেয়ে বিশেষকৈ দিল্লীক জয়ৰ অত্যন্ত প্ৰয়োজন।
উল্লেখ্য যে এই ছিজনত ইতিমধ্যে ৱাংখেড়েত দুয়োটা দল এবাৰ মুখামুখি হৈ গৈছে আৰু মুম্বাইয়ে এই মেচখনত জয়ী হৈছে। গতিকে কাইলৈৰ মেচখন দিল্লীৰ বাবে হ’ব এই পৰাজয়ৰ পোতক তোলাৰ মেচ। এই মেচখনৰ পিছত দুয়োটা দলে লীগত নিজৰ অন্তিম মেচ খেলিব পঞ্জাৱ কিংছৰ বিপক্ষে। এই ছিজনত প্ৰথমবাৰৰ বাবে মুম্বাই আৰু দিল্লীয়ে পঞ্জাৱ কিংছৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যাব।
মুম্বাই আৰু দিল্লী দুয়োটা দলে পঞ্জাব কিংছৰ বিৰুদ্ধে জয়পুৰত খেলিব লাগিব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামৰ অভিলেখ দিল্লীৰ পক্ষত। দিল্লীয়ে এই স্থানত মুম্বাইতকৈ অধিক মেচ খেলাৰ লগতে অধিক মেচতো জয়ীও হৈছে। গতিকে পঞ্জাৱৰ বিপক্ষে মেচত মুম্বাইতকৈ দিল্লী কিছু শক্তিশালী মনোবলেৰে অৱতীৰ্ণ হ’ব। সেই দিশৰ পৰা মুম্বাই প্লে’ অফত প্ৰৱেশৰ ক্ষেত্ৰত কিছু চাপত থাকিব পাৰে।
অৱশ্যে তাৰ পূৰ্বে কাইলৈৰ মেচখনত দুয়োটা দলৰ গুৰুত্ব থাকিব। কাইলৈ যদি মুম্বাইয়ে দিল্লীক বৃহৎ ব্যৱধানত পৰাস্ত কৰে, তেতিয়া দিল্লীৰ সম্ভাৱনা প্ৰায় ওৰ পৰা বুলিব পৰা হ’ব। কিয়নো চলিত ছিজনত পঞ্জাৱে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে আৰু তেনে স্থিতিত দিল্লী পঞ্জাৱৰ বিপক্ষে জয়ী হ’লেও বৃহৎ ব্যৱধানত জয়ী হোৱাটো কঠিন হ’ব। তেনে পৰিস্থিতিত দিল্লীৰ ৰান ৰেট মুম্বাইতকৈ কম হ’ব আৰু দলটোৱে লীগৰ পৰাই বিদায় ল’ব লাগিব।