ৰাহুলৰ ‘কামাল লাজৱাব’ শতকঃ ভংগ কৰিলে কোহলীৰ নামত থকা ঈৰ্ষণীয় অভিলেখ

গুজৰাটৰ বিপক্ষে আজি দিল্লীৰ হৈ ইনিংছ মুকলি কৰি ৰাহুলে মাত্ৰ ৬৫টা বলত ১১২ ৰানৰ এক অপৰাজিত শতকীয় ইনিংছ খেলে। এই ইনিংছটোৰে ৰাহুলে পুনৰ এবাৰ প্ৰমাণ কৰি দিয়ে, কিয় তেওঁক দিয়া হৈছে ‘কামাল লাজৱাব’ অভিধা। আজিৰ এই শতকীয় ইনিংছটোৰে ৰাহুলে আজি এক নতুন অভিলেখো গঢ়ি তুলিছে।

ৰাহুলৰ ‘কামাল লাজৱাব’ শতকঃ ভংগ কৰিলে কোহলীৰ নামত থকা ঈৰ্ষণীয় অভিলেখ

ৰাহুলৰ চমকপ্ৰদ বেটিং

Published: 

18 May 2025 22:53 PM

আই পি এলত আজি এক গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হৈছে দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লীয়ে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৯৯ ৰান। দলটোৰ এই শক্তিশালী স্ক’ৰৰ মূলতে আছিল কে এল ৰাহুলৰ চমকপ্ৰদ বেটিং। দিল্লীৰ হৈ ইনিংছ মুকলি কৰি ৰাহুলে মাত্ৰ ৬৫টা বলত ১১২ ৰানৰ এক অপৰাজিত শতকীয় ইনিংছ খেলে। এই ইনিংছটোৰে ৰাহুলে পুনৰ এবাৰ প্ৰমাণ কৰি দিয়ে, কিয় তেওঁক দিয়া হৈছে ‘কামাল লাজৱাব’ অভিধা। আজিৰ এই শতকীয় ইনিংছটোৰে ৰাহুলে আজি এক নতুন অভিলেখো গঢ়ি তুলিছে।

গুজৰাটৰ বিপক্ষে আজি ৩৩ ৰান সংগ্ৰহ কৰাৰ লগে লগে ৰাহুলে ৮০০০ টি-২০ ৰান সম্পূৰ্ণ কৰে। টি-২০ত এই মাইলষ্ট’ন অতিক্ৰম কৰা ষষ্ঠজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল। ইয়াৰ পূৰ্বে বিৰাট কোহলী, ৰোহিত শৰ্মা, শিখৰ ধাৱন, সুৰেশ ৰাইনা আৰু সূৰ্যকুমাৰ যাদৱে এই কৃতিত্ব কৰিছে। কেৱল ৮০০০ টি-২০ ৰান সংগ্ৰহৰ কৃতিত্ব অৰ্জন কৰাই নহয়, ৰাহুলে লগতে আজি বিৰাট কোহলীৰ নামত থকা এক ঈৰ্ষণীয় অভিলেখো ভংগ কৰে।

ৰাহুলক নিজৰ টি-২০ কেৰিয়াৰৰ ৮০০০ ৰান সংগ্ৰহ কৰিবলৈ প্ৰয়োজন হয় মাত্ৰ ২২৪টা ইনিংছৰ। এইদৰে তেওঁ ৮০০০ টি-২০ ৰান সংগ্ৰহ কৰা দ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। পূৰ্বে এই অভিলেখ আছিল বিৰাট কোহলীৰ নামত। তেওঁ ২৪৩ ইনিংছত এই অভিলেখ সৃষ্টি কৰিছিল। সামগ্ৰিকভাৱে এই অভিলেখ আছে পাকিস্তানৰ তাৰকা বেটাৰ বাবৰ আজমৰ নামত।

বাবৰে মাত্ৰ ২১৮ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। ৰাহুল এতিয়া এই তালিকাত বাবৰৰ পিছতে দ্বিতীয় স্থানত আছে। উল্লেখ্য যে দিল্লী কেপিটেলছৰ অ’পেনাৰ জেক ফ্ৰেজাৰ মেকগুৰ্কৰ অনুপস্থিতিৰ বাবে আজি অপেনাৰৰ দায়ইত্ব লাভ কৰিছিল কে এল ৰাহুলে। প্ৰথম অৱস্থাত কিছু লেহেমীয়া বেটিঙেৰে ইনিংছ আগুৱাই নি ৰাহুলে ৩৫টা বলত অৰ্ধশতক অৰ্জন কৰিছিল।

ইয়াৰ পিছতে ৰাহুলে ক্ৰমাৎ ৰানৰ গতি বৃদ্ধি কৰে আৰু ৬০টা বলত শতক সম্পূৰ্ণ কৰে। দলৰ ইনিংছ মুকলি কৰিবলৈ অহা ৰাহুলে ইনিংছৰ শেষলৈকে অপৰাজিত থাকি ৬৫টা বলত ১৭২ৰ ষ্ট্ৰাইক ৰেটেৰে ১১২ ৰান সংগ্ৰহ কৰে। এই ছিজনত এতিয়ালৈকে ৰাহুলে ৩টা অৰ্ধশতক আৰু ১ শতকৰ সহায়ত ১১খন মেচত প্ৰায় ৬১ গড়ে আৰু ১৪৮টা ষ্ট্ৰাইক ৰেটেৰে ৪৯৩ ৰান সংগ্ৰহ কৰিছে।

শেহতীয়াকৈ ৰাহুলে নিজ আই পি এল কেৰিয়াৰত ৫০০০ ৰানৰ সীমা অতিক্ৰম কৰিছিল। আই পি এলত এইপৰ্যন্ত তেওঁ ১৪৩খন মেচৰ ১৩৪টা ইনিংছত প্ৰায় ৫১৭৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৪০টা অৰ্ধশতক আৰু ৫টা শতক অৰ্জন কৰিছে।

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…