শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অতীতৰ স্মৃতি নহয় মধুৰ! ব্ৰিজবেনত আজি কঠিন পৰীক্ষা ভাৰতৰ, উত্তীৰ্ণ হ’লেই শৃংখলা জয়

এদিনীয়া শৃংখলাৰ পিছত টি-২০ শৃংখলাতো পৰাজয়ৰ সন্মুখীন হোৱাৰ শংকাৰ পৰা এতিয়া শৃংখলা জয়ৰে কাষ চাপিছে ভাৰত। পিছে ইয়াৰ বাবে অধিনায়ক সূৰ্যকুমাৰ যাদৱ তথা ভাৰতীয় দলে অৱতীৰ্ণ হ’ব লাগিব এক কঠিন পৰীক্ষাত। এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ভাৰতৰ পক্ষে শৃংখলা জয় সম্ভৱ হ’ব।

অতীতৰ স্মৃতি নহয় মধুৰ! ব্ৰিজবেনত আজি কঠিন পৰীক্ষা ভাৰতৰ, উত্তীৰ্ণ হ’লেই শৃংখলা জয়
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ অন্তিম মেচImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 08 Nov 2025 09:27 AM

অষ্ট্ৰেলিয়াৰ বিপক্ষে পাঁচখন মেচৰ টি-২০ শৃংখলাৰ আজি অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত দ্বিতীয়খন মেচত সহজেই জয়ী হৈছিল ঘৰুৱা দল অষ্ট্ৰেলিয়া। কিন্তু ইয়াৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই ভাৰতীয় দলে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰে আৰু শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে। এতিয়া আজি অনুষ্ঠিত হ’বলগীয়া অন্তিম মেচত জয়লাভ কৰিলেই ভাৰতীয় দলে শৃংখলা হস্তগত কৰিব।

অৰ্থাৎ এদিনীয়া শৃংখলাৰ পিছত টি-২০ শৃংখলাতো পৰাজয়ৰ সন্মুখীন হোৱাৰ শংকাৰ পৰা এতিয়া শৃংখলা জয়ৰে কাষ চাপিছে ভাৰত। পিছে ইয়াৰ বাবে অধিনায়ক সূৰ্যকুমাৰ যাদৱ তথা ভাৰতীয় দলে অৱতীৰ্ণ হ’ব লাগিব এক কঠিন পৰীক্ষাত। এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ভাৰতৰ পক্ষে শৃংখলা জয় সম্ভৱ হ’ব।

কি এই পৰীক্ষা

আজি শৃংখলাৰ অন্তিমখন মেচ ব্রিজবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পিছে এই খেলপথাৰত কেংগাৰু বাহিনীক পৰাস্ত কৰাটো অত্যন্ত কঠিন প্ৰমাণিত হৈ আহিছে। ব্রিজবেন একপ্ৰকাৰে অষ্ট্ৰেলিয়াৰ বাবে জয়ৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে। ইতিপূৰ্বে এই দুৰ্গ জয়ৰ চেষ্টাত ভাৰতীয় দলো ব্যৰ্থ হৈছে।

ব্রিজবেনত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শন

ব্রিজবেনৰ গাব্বাত এইপৰ্যন্ত অষ্ট্ৰেলিয়াই ৮খন টি-২০ মেচ খেলিছে আৰু ইয়াৰে ৭খন মেচতে জয়লাভ কৰিছে। এই খেলপথাৰত অষ্ট্ৰেলিয়া মাত্ৰ এখন মেচত পৰাস্ত হৈছে। কেংগাৰু বাহিনীৰ এই পৰাজয়ো আহিছিল প্ৰায় ১২ বছৰ পূৰ্বে। ২০১৩ চনত হোৱা উক্ত মেচখনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ৰ মুখ দেখিছিল অষ্ট্ৰেলিয়াই।

আনহাতে ভাৰতীয় দলে ২০১৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেই এই খেলপথাৰত একমাত্ৰ টি-২০ মেচ খেলিছিল। মেচখনত ডাকৱৰ্থ-লুইছৰ আধাৰত চাৰি ৰাণত পৰাস্ত হৈছিল ভাৰতীয় দল। গতিকে আজিৰ মেচখনত জয়েৰে ভাৰতীয় দলে বিৰুদ্ধে পূর্বৰ পৰাজয়ৰ পোতক তোলাৰ লগতে ঘৰৰ মাটিতে কেংগাৰু বাহিনীক পুনৰ এবাৰ টি-২০ শৃংখলাত পৰাস্ত কৰাৰ সুযোগ পাব৷