বুমৰাহৰ হাতত ‘মহা অভিলেখ’ৰ সুযোগ, লাগে মাত্ৰ এটা উইকেট

08 Nov 2025

TV9 ASSAM

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ৫খন মেচৰ টি-২০ শৃংখলাৰ অন্তিমখন মেচ আজি ব্ৰিছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

পঞ্চম মেচ

ভাৰত এই শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে। আজি জয়ী হৈ ভাৰতে শৃংখলা কৰিব বিচাৰিব। মেচখনত যশপ্ৰীত বুমৰাহে এক বিশেষ অভিলেখ গঢ়িব পাৰে।

ভাৰতৰ সুযোগ

গাব্বাত আজি বুমৰাহৰ ওপৰত বিশেষ দৃষ্টি থাকিব। আজি বুমৰাহৰ হাতত এক বৃহৎ অভিলেখৰ সুযোগ আছে। ইয়াৰ বাবে বুমৰাহক মাত্ৰ এটা উইকেটৰ প্ৰয়োজন।

অভিলেখৰ সুযোগ

আজি বুমৰাহে এটা উইকেট দখল কৰিলেই অৰ্শদীপ সিঙৰ পিছত টি-২০ত ১০০টা উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হ’ব।

উইকেটৰ শতক

ইয়াৰ লগে লগে বুমৰাহ তিনিওটা ফৰ্মেটতে ১০০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিব।

প্ৰথম ভাৰতীয়

এইপৰ্যন্ত বুমৰাহে ৭৯ খন টি-২০ত ৯৯ টা, ৮৯ খন এদিনীয়াত ১৪৯ টা উইকেট দখল কৰাৰ বিপৰীতে টেষ্টত মাত্ৰ ৫০খন মেচত ২২৬টা উইকেট দখল কৰিছে।

উইকেটৰ সংখ্যা

পঢ়িবলৈ ক্লিক কৰক 

যুৱৰাজক অতিক্ৰমি অক্ষৰৰ অনন্য কৃতিত্ব