শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাস মহোৎসৱৰ আনন্দৰ মাজতে নিশা হাউলী চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড, কেইবা কোটি টকাৰ সম্পত্তি নষ্ট

অৱশ্যে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে হাউলী, বৰপেটাৰোড আৰু বৰপেটাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ৩ ঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

ৰাস মহোৎসৱৰ আনন্দৰ মাজতে নিশা হাউলী চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড, কেইবা কোটি টকাৰ সম্পত্তি নষ্ট
হাউলীত ভয়ংকৰ অগ্নিকাণ্ড
monjit-dutta
Monjit Dutta | Updated On: 08 Nov 2025 11:08 AM

সমগ্ৰ হাউলী চহৰত এতিয়া ঐতিহাসিক ৰাস মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশ। ৰাস মহোৎসৱৰ আনন্দ-উদ্দীপনাই স্পৰ্শ কৰিছে প্ৰতিজন ব্যক্তিক। পিছে ৰাস মহোৎসৱ চলি থকাৰ মাজতে হাউলী চহৰত যোৱা নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। হাউলী চহৰৰ মাজ মজিয়াতে সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ। যোৱা নিশা হাউলী চহৰৰ মুল চাৰি আলি চ’কৰ থানা ৰোডৰ বিশ্বনাথ দাস এণ্ড চনচ পেট্ৰ’ল পাম্পটোৰ নিচেই সমীপৰ দোকান গৃহত এই অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিকাণ্ডত সেই স্থানত থকা ফাৰ্মাছী, ঔষধৰ পাইকাৰী বিক্ৰেতা, লেব’ৰেট’ৰীসহ ১৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰা বুলি জানিব পৰা গৈছে। বিশ্বনাথ দাস এণ্ড চনচ পেট্ৰ’ল পাম্পটোৰ নিচেই ওচৰতে সংঘটিত হোৱা এই অগ্নিকাণ্ডক লৈ চহৰবাসীৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয়।

অৱশ্যে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে হাউলী, বৰপেটাৰোড আৰু বৰপেটাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ৩ ঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

এইদৰে এক ভয়াৱহ দুৰ্যোগৰ পৰা ৰক্ষা পৰে চহৰখন। এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হ’ল, সেই সম্পৰ্কে এইপৰ্যন্ত জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাৰ কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে। এক ভয়াৱহ বিপদৰ শংকা দূৰ হোৱাৰ বাবে স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় লোকসকলে।

এই অগ্নিকাণ্ডত টাউন ফাৰ্মাছী, আৰজু লেব’ৰেট’ৰী, আলী ভেৰাইটীজ, সাথী অনলাইন চেন্টাৰ আৰু এ এছ ড্ৰাগছ ডিষ্ট্ৰিবিউটৰচকে ধৰি আন ৯ খন ঔষধৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সম্পত্তি ভস্মভূত হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে।