TV9 ASSAM
এগৰাকী ব্যক্তিৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেজ পৰিষ্কাৰ হৈ থাকিলে বহু ৰোগৰ পৰা চিন্তামুক্ত হ’ব পাৰি। শৰীৰ-ছাল সুস্থ হৈ থাকে।
তেজত বিষাক্ত পদাৰ্থ মিহলি হৈ থাকিলে বহু গুৰুতৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লগতে ছালৰ বহু সমস্যাই দেখা দিব পাৰে।
দেহৰ তেজ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত ঘৰতে উপলব্ধ কিছুমান সামগ্ৰীয়ে যথেষ্ট সহায় কৰিব পাৰে। জানো আহক এনে কিছু সামগ্ৰীৰ বিষয়ে।
নিম পাত তেজ পৰিশোধনত যথেষ্ট সহায়ক। ৪-৫খিলা নিম পাত পুৱা চোবাই খাব পাৰে। অৱশ্যে ল’ ডায়েবেটিছ আৰু কিছু সমস্যাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন।
গাখীৰ বা পানীত হালধি মিহলাই বহুলোকে খায়। ইয়াৰ গুণ অনেক। হালধিত উপলব্ধ মৌলসমূহে প্ৰাকৃতিকভাৱে তেজ পৰিষ্কাৰ কৰি ৰাখে।
নহৰুৰ দেহ উপকাৰী গুণ অনেক। নহৰুৱে প্ৰাকৃতিকভাৱে তেজ পৰিষ্কাৰ কৰি ৰখাতো সহায় কৰে। এনে উপকাৰিতাৰ বাবে প্ৰতিদিনে পুৱা এফুটা বা দুফুটা নহৰু খাব পাৰে।
আয়ুৰ্বেদত তুলসীক মহৌষধ জ্ঞান কৰা হয়। তুলসীয়ে দেহৰ বহু উপকাৰ সাধন কৰাৰ লগতে তেজো পৰিষ্কাৰ কৰে। ইয়াৰ বাবে ৪-৫খিলা তুলসী পানীত উতলাই খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
এনে উদ্ভিদ ৰোপণ নকৰিব তুলসীৰ ওচৰত