শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোত আজি কি কি ঘটিল! পলকতে চাওক ৰাজ্যৰ পৰা দেশ তথা ক্ৰীড়াক্ষেত্ৰৰ কেইটামান চৰ্চিত খবৰ

ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ পৰা আৰম্ভ কৰি কেইবাটাও খবৰে চৰ্চা লাভ কৰে। একেদৰে দেশৰ ভিতৰতে চৰ্চাত থাকে বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ মেচক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত দেখা যায় উৎসাহ। চাওঁ আহক আজিৰ দিনটোৰ কেইটামান চৰ্চিত খবৰ।

দিনটোত আজি কি কি ঘটিল! পলকতে চাওক ৰাজ্যৰ পৰা দেশ তথা ক্ৰীড়াক্ষেত্ৰৰ কেইটামান চৰ্চিত খবৰ
দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 06 Nov 2025 19:35 PM

আজি ৰাজ্যত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ পৰা আৰম্ভ কৰি কেইবাটাও খবৰে চৰ্চা লাভ কৰে। একেদৰে দেশৰ ভিতৰতে চৰ্চাত থাকে বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ মেচক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত দেখা যায় উৎসাহ। চাওঁ আহক আজিৰ দিনটোৰ কেইটামান চৰ্চিত খবৰ।

  1. ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ এৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইজুবিন গাৰ্গ গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তশ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল হোৱাৰ পিছতে এই সিদ্ধান্ত লয় ভাস্কৰজ্যোতি মহন্তই
  2. সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপত অশোক সিংহালৰ ভূমি ক্ৰয়ৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তোলা এই অভিযোগক প্ৰত্যাহ্বান জনাইছে অশোক সিংহালে এনে অভিযোগৰ প্ৰমাণ দিব পাৰে ৰাজনীতি ত্যাগ কৰি হিমালয়লৈ যাম বুলিও সিংহালে প্ৰত্যাহ্বান জনাইছে।
  3. দেশৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ তম বছৰ উপলক্ষে বিজেপিয়ে লৈছে বিশেষ কাৰ্যসূচী সমগ্ৰ দেশৰ লগতে অসম বিজেপিয়েই এই উদ্দেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে আজি এক সংবাদমেলত অসম বৈজেপিৰ সভাপতি দিলীপ শইকীয়াই এই বিষয়ে সদৰী কৰে
  4. কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণজাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে তেওঁ নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব। ৮ নৱেম্বৰত তেওঁ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব
  5. ৯৩ সংখ্যক বায়ুসেনা দিৱসৰ বাবে আজি লাচিত ঘাটত চলোৱা হয় প্ৰস্তুতি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব বায়ুসেনা দিৱস অহা নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ’ব বিশেষ এয়াৰ শ্ব এই বিশেষ এয়াৰ শ্ব’ৰ বাবে আজি অনুশীলন চলোৱা হয়
  6. ষষ্ঠ অনুসূচীৰ দাবীত আজি ৰাভা হাছঙত ৰাভা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ দুধনৈ সম-জিলা কাৰ্যালয়ৰ সমুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লয় ৰাভা সংগঠনসমূহে৷ নৱেম্বৰৰ ভিতৰত ৰাভা জাতীয় সংগঠন, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত নকৰিলে অধিক জংগী আন্দোলনৰ হুংকাৰ
  7. কালিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ নলবাৰীতো কালিৰ পৰা ১৩ দিনীয়াকৈ ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰম্ভ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি লক্ষাধিক লোকে পৰৱেশন কৰে মায়াবিনী ৰাস মহোৎসৱস্থলীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ লগতে ৫২ ফুট ওখ গীটাৰ আৰু টুপি হৈ পৰিছে বিশেষ আকৰ্ষণ
  8. আজি অনুষ্ঠিত হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাৰ লগতে বিহাৰৰ ১৬ জন মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব।
  9. ভাৰতঅষ্ট্ৰেলিয়াৰ মাজত টি২০ শৃংখলাৰ চতুৰ্থখন মেচ আজি অনুষ্ঠিত হয় অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি ভাৰতে এই শৃংখলাত ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে অক্ষৰ পেটেল মেচৰশ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়