এইসমূহ উদ্ভিদ কেতিয়াও ৰোপণ নকৰিব তুলসীৰ ওচৰত

07 Nov 2025

TV9 ASSAM

হিন্দু ধৰ্মত তুলসী উদ্ভিদক অতি পবিত্ৰ গণ্য কৰা হয়। লক্ষ্মী দেৱী তুলসীত বাস কৰে বুলি এক ধৰ্মীয় বিশ্বাস প্ৰচলিত হৈ আহিছে। প্ৰতিখন ঘৰৰ চোতালত সেয়ে তুলসী দেখা যায়।

তুলসী

প্ৰতিদিনে পুৱা আৰু গধূলি তুলসীৰ সন্মুখত চাকি জ্বলাই পানী আগবঢ়াই প্ৰদক্ষিণ কৰিব লাগে। কিছুমান গছ ভুলতেও তুলসীৰ ওচৰত ৰোপণ কৰিব নালাগে বুলি কোৱা হয়।

বিধান

বাস্তু শাস্ত্ৰ মতে কেকটাছৰ কাঁইট দুৰ্ভাগ্য আৰু নেতিবাচক শক্তিৰ প্ৰতীক। গতিকে তুলসীৰ ওচৰত কেকটাছ কেতিয়াও ৰোপণ কৰিব নালাগে বুলি কোৱা হৈছে।

কেকটাছ

মানী প্লাণ্টকো অতি শুভ হিচাপে গণ্য কৰা হয় যদিও বাস্তু শাস্ত্ৰই তুলসীৰ ওচৰত এই উদ্ভিদ ৰোপণ কৰাটো অশুভ বুলি উল্লেখ কৰিছে। তুলসীৰ ওচৰত এই উদ্ভিদ ৰোপণ কৰা নিষিদ্ধ।

মানী প্লাণ্ট

অপৰাজিতা উদ্ভিদ দেৱী পূজাৰ বাবে অতি শুভ আৰু উপযোগী বুলি গণ্য কৰা হয় যদিও তুলসীৰ ওচৰত ৰোপণ কৰিব নালাগে। তুলসীৰ ওচৰত অপৰাজিতা ৰোপণ কৰিলে বৃদ্ধিত প্ৰভাৱ পৰে।

অপৰাজিতা

ধতুৰা ভগৱান শিৱক অৰ্পণ কৰা হয়, কিন্তু এই উদ্ভিদ কেতিয়াও তুলসীৰ ওচৰত ৰোপণ কৰা উচিত নহয়। তুলসীৰ ওচৰত ধতুৰা ৰোপণ কৰাটো এক ডাঙৰ পাপ বুলি গণ্য কৰা হয়।

ধতুৰা

নেমুত ঔষধি গুণ প্ৰচুৰ। অৱশ্যে বাস্তু শাস্ত্ৰ মতে তুলসীৰ ওচৰত নেমু ৰোপণ কৰিব নালাগে। অন্যথা ঘৰখনৰ সমৃদ্ধিৰ আগমনত বাধাৰ সৃষ্টি হয় বুলি কোৱা হয়।

নেমু

পঢ়িবলৈ ক্লিক কৰক 

দৈনিক সেউজীয়া জলকীয়া খোৱাৰ উপকাৰিতা