বিজয়ৰ তাঁতশালত গামোচা চানেকিত প্ৰাণ পালে মৰমৰ শিল্পী জুবিন গাৰ্গে
শিল্পীগৰাকীয়ে লগতে এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে অসম সংগীত, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামীকে আদি কৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ ছবি বৈ উলিয়াইছে।
তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাছি গামোচাত শিল্পী জুবিন গাৰ্গক হুবহু সৃষ্টি কৰিলে বিজয় দাসে । ৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম হ’ল বিজয়ে।
এইগৰাকী তামুলপুৰৰ প্ৰতিভাৱান শিল্পী বিজয় দাসে সৰুৰে পৰাই পঢ়া শুনাৰ লগতে তাঁতশালত কাম কৰিবলৈ শিকিছিল। সৰুৰে পৰাই পঢ়া শুনাত চোকা বিজয়ে বিজ্ঞান শাখাত ৰাসায়ন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান হস্ততাঁত বস্ত্ৰশিল্প অধ্যয়নৰত। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত এইবাৰ তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু আকিলে।
শিল্পীগৰাকীয়ে লগতে এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে অসম সংগীত, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামীকে আদি কৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ ছবি বৈ উলিয়াইছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’
Latest Videos
বিজয়ৰ তাঁতশালত গামোচা চানেকিত প্ৰাণ পালে মৰমৰ শিল্পী জুবিন গাৰ্গে
অশোক সিংহালৰ প্ৰত্যাহ্বানৰ পৰা বিহাৰ নিৰ্বাচনলৈ, দিনটোৰ শীৰ্ষ খবৰ
হঠাতে কিয় বিলাসী ফ্লেট বিক্ৰীৰ সিদ্ধান্ত ল’লে বিগ বিয়ে?
অপাৰেচন সেন্দূৰত শিক্ষা নহ'ল, পুনৰ কাশ্মীৰত আক্ৰমণৰ পৰিকল্পনা
