জেললৈ যাব নেকি আম্বানী? জব্দ ৭,৫০০ কোটি টকাৰ সম্পত্তি…
Anil Ambani: জেললৈ যাব নেকি অনিল আম্বানী? শেহতীয়াকৈ ইডিয়ে আম্বানীৰ পৰা জব্দ কৰিছে কোটি কোটি টকাৰ সম্পত্তি। ইফালে তেওঁক জেৰাৰ বাবে ইডিয়ে চমন জাৰি কৰিছে। হাজিৰ হ'ব লাগিব ইডি কাৰ্যালয়ত।
পুনৰ বিপদত পৰিছে অনিল আম্বানী। শেহতীয়াকৈ অনিল আম্বানীৰ পৰা ইডিয়ে জব্দ কৰিছে ৭৫০০ কোটি টকা। ইমানেই নহয়, তেওঁ ১৪ নৱেম্বৰত ইডি কাৰ্যালয়ত হাজিৰ হ’ব লাগিব। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও অনিল আম্বানী ঘন্টাৰ পাছত ঘন্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হৈছিল।
উল্লেখ্য যে, কিছু বছৰ পূৰ্বে কোটিপতি অনিল আম্বানী দেউলীয়া হৈ পৰিছিল। সেই সময়ত মুকেশ আম্বানীয়ে ভাতৃৰ সকলো ঋণ পৰিশোধ কৰি তেওঁক জেলত যোৱাৰ পৰা ৰক্ষা কৰিছিল। কিন্তু এতিয়া পুনৰ অনিল আম্বানী বিপদত পৰিছে। ভাৰতীয় ষ্টেট বেংকৰ ঋণৰ সৈতে জড়িত জালিয়াতিৰ গোচৰ অনিল আম্বানীক চমন জাৰি কৰা হৈছে। জানিব পৰা মতে, বহু বেংকৰ পৰা ঋণ লৈছে অনিল আম্বানীয়ে। যি ঋণ এতিয়ালৈকে পৰিশোধ কৰা নাই। তেওঁ এটা বেংকৰ পৰা ঋণ লৈ আন এটা বেংকত পৰিশোধ কৰে।
সবিশেষৰ বাবে ভিডিঅ’ চাওক…
