CSK vs KKR Live Score, IPL 2025 : কলকাতাৰ বিৰুদ্ধে ২ টা উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

Chennai Super Kings vs Kolkata Knight Riders Live Score in Assamese: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰণত নামিছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছ । প্লে অফৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছ । ইফালে, ১১ পইণ্টেৰে তালিকাৰ ৬ নম্বৰ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ । সেয়েহে আজি অনুষ্ঠিত হোৱা আই পি এলৰ ৫৭ নম্বৰ খেলখন কালকাতাৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

CSK vs KKR Live Score, IPL 2025 : কলকাতাৰ বিৰুদ্ধে ২ টা উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

চেন্নাই বনাম কলকাতা

Updated On: 

07 May 2025 23:17 PM

আজি ইডেন গাৰ্ডেনছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰণত নামিছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছ । প্লে অফৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছ । ইফালে, ১১ পইণ্টেৰে তালিকাৰ ৬ নম্বৰ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ । সেয়েহে আজি অনুষ্ঠিত হোৱা আই পি এলৰ ৫৭ নম্বৰ খেলখন কালকাতাৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কলকাতাই এতিয়ালৈকে ১১ খন আই পি এল মেচ খেলি ৫ খনত জয়ী হোৱাৰ বিপৰীতে ৫ খনত পৰাস্ত হৈছে। ইফালে, চেন্নাইয়ে ১১ মেচ খেলি মাত্ৰ দুখন জয়ী হ’বলৈ সক্ষম হৈছে । পইণ্ট তালিকাৰ একেবাৰে তলত চেন্নাই ছুপাৰ কিংছ ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 07 May 2025 11:16 PM (IST)

    ২ টা উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

    কলকাতাৰ বিৰুদ্ধে ২ টা উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ । কে কে আৰে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৭৯ সংগ্ৰহ কৰি ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল । চেন্নাই ছুপাৰ কিংছে ১৯.৪ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে ।

  • 07 May 2025 11:10 PM (IST)

    ৫ টা বলত ২ ৰান

    ধোনীৰ বেটেৰে ডাঙৰ ৬ । ৫ টা বলত ২ ৰানৰ প্ৰয়োজন চেন্নাইক ।


  • 07 May 2025 11:08 PM (IST)

    ৮ টা উইকেটৰ পতন চেন্নাই

    ৬ টা বলত ৮ ৰানৰ প্ৰয়োজন জয়ৰ বাবে । ৮ টা উইকেট হেৰুৱালে চেন্নাইয়ে । ২ টা বল ২ ৰান কৰি আউট নূৰ আহমদ ।

  • 07 May 2025 11:06 PM (IST)

    ৭ টা উইকেটৰ পতন

    ৭ টা উইকেটৰ পতন চেন্নাইৰ । ৮ টা বলত ১০ ৰান প্ৰয়োজন জয়ৰ বাবে । ৪০ টা বলত ৪৫ ৰান কৰি আউট শিৱম ডুবে ।

  • 07 May 2025 11:04 PM (IST)

    ৯ টা বলত ১০ ৰানৰ প্ৰয়োজন

    জয়ৰ দিশে চেন্নাই ছুপাৰ কিংছ । ৯ টা বলত ১০ ৰানৰ প্ৰয়োজন চেন্নাই ছুপাৰ কিংছক ।

  • 07 May 2025 10:42 PM (IST)

    ১৫ অভাৰৰ অন্তত চেন্নাইৰ ৰান ১৪০ ৰান

    ১৫ অভাৰৰ অন্তত চেন্নাইৰ ৰান ১৪০ ৰান । ৬ টা উইকেটৰ পতন । ৩০ টা বলত ৪০ ৰানৰ প্ৰয়োজন চেন্নাইক ।

  • 07 May 2025 10:29 PM (IST)

    ডেৱাল্ড ব্ৰেভিছ আউট

    ৬ টা উইকেটৰ পতন চেন্নাইৰ । ২৫ টা বলত ৫২ ৰান কৰি আউট ডেৱাল্ড ব্ৰেভিছ ।

  • 07 May 2025 10:24 PM (IST)

    ডেৱাল্ড ব্ৰেভিছৰ অৰ্ধশতক

    ডেৱাল্ড ব্ৰেভিছৰ অৰ্ধশতক । ২২ টা বলত ৫০ ৰান ব্ৰেভিছে । ৫৪ টা ৫৭ ৰানৰ প্ৰয়োজন চেন্নাইক ।

  • 07 May 2025 10:17 PM (IST)

    ১০ অভাৰৰ অন্তত চেন্নাই ছুপাৰ কিংছৰ ৰান ৯৩

    ১০ অভাৰৰ অন্তত চেন্নাই ছুপাৰ কিংছৰ ৰান ৯৩ । ৫ টা উইকেটৰ পতন । ডেৱাল্ড ব্ৰেভিছ ২০(১৬), শিৱম ডুবে১২(১২) ।

  • 07 May 2025 09:56 PM (IST)

    বিপৰ্যয়ত চেন্নাই ছুপাৰ কিংছ

    ৰবিচন্দ্ৰন অশ্বিন ৮(৭)আৰু  ৰবীন্দ্ৰ জাদেজাই ১৯(১০) সংগ্ৰহ কৰি আউট হয় । বেটিঙত আছে দেৱাল্ড ব্ৰেভিছ, শিৱম ডুবে । ৬ অভাৰৰ অন্তত চেন্নাইৰ ৰান ৬২ । ৫ টা উইকেটৰ পতন ।

  • 07 May 2025 09:52 PM (IST)

    ইটোৰ পিছত সিটো উইকেট পতন

    পঞ্চমটো আঘাত চেন্নাইৰ । ১০ টা বলত ১৯ ৰান সংগ্ৰহ কৰি আউট জাদেজা ।

  • 07 May 2025 09:51 PM (IST)

    চাৰিটা উইকেট হেৰুৱালে চেন্নাইয়ে

    চেন্নাইৰ চতুৰ্থটো উইকেট পতন । ৫ অভাৰত ৫৬ ৰান চেন্নাইৰ ।

  • 07 May 2025 09:39 PM (IST)

    তৃতীয়টো আঘাত চেন্নাইৰ

    তৃতীয়টো আঘাত চেন্নাইৰ । ৩১ ৰান কৰি আউট উৰভিল পেটেল । ৩ অভাৰৰ অন্তত চেন্নাই ৩৭ ৰান, ৩ টা উইকেটৰ পতন ।

  • 07 May 2025 09:36 PM (IST)

    দুটা উইকেট হেৰুৱালে চেন্নাইয়ে

    আৰম্ভণিতে দুটা উইকেট হেৰুৱালে চেন্নাইয়ে । কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট আয়ুষ ম্হাত্ৰে, ডেভন কনৱে ।

  • 07 May 2025 09:07 PM (IST)

    চেন্নাইৰ সন্মুখত ১৮০ ৰানৰ লক্ষ্য

    কলকাতাই ৬ টা উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে । চেন্নাই ছুপাৰ কিংছৰ সন্মুখত ২০ অভাৰত ১৮০ ৰানৰ লক্ষ্য কলকাতাৰ ।

  • 07 May 2025 09:02 PM (IST)

    ১৯ অভাৰৰ অন্তত কলকাতাৰ ৰান ১৭৩

    ১৯ অভাৰৰ অন্তত কলকাতাৰ ৰান ১৭৩ । ৬ টা উইকেটৰ পতন । ৰমনদীপ সিং ১(১), মনীষ পাণ্ডে ৩৩(২৫) ।

  • 07 May 2025 09:00 PM (IST)

    ৬ টা উইকেটৰ পতন কলকাতাৰ

    ৬ টা উইকেটৰ পতন কলকাতাৰ । ৬ টা বলত ৯ ৰান কৰি আউট ৰিংকু সিং ।

  • 07 May 2025 08:50 PM (IST)

    পঞ্চমটো উইকেট হেৰুৱালে কলকাতাই

    ৰাছেল আউট । পঞ্চমটো উইকেট হেৰুৱালে কলকাতাই । ২১ টা বলত ৩৮ সংগ্ৰহ কৰি আউট ৰাছেল । নতুন বেটছমেন ৰিংকু সিং ।

  • 07 May 2025 08:46 PM (IST)

    কলকাতাৰ ৰান ১৩৮

    ১৬ অভাৰৰ অন্তত কলকাতাৰ ৰান ১৩৮ । চাৰিটা উইকেটৰ পতন । মনীষ পাণ্ডে ২০(১৯), ৰাছেল ২৮(১৬) ।

  • 07 May 2025 08:29 PM (IST)

    চতুৰ্থ উইকেটত পতন কলকাতাৰ

    অৰ্ধশতক অৰ্জন কৰাত ব্যৰ্থ ৰাহানে । ৩৩ টা বলত ৪৮ ৰান সংগ্ৰহ কৰি আউট ৰাহানে ।

  • 07 May 2025 08:26 PM (IST)

    কলকাতাৰ ৰান ১০১

    ১২ অভাৰৰ অন্তত কলকাতাৰ ৰান ১০১। তিনিটা উইকেটৰ পতন । অজিংক্য ৰাহানে ৪৬(৩১), মনীষ পাণ্ডে১৪(১৩) ।

  • 07 May 2025 08:14 PM (IST)

    তৃতীয়টো আঘাত কলকাতাৰ

    তিনিটা উইকেটৰ পতন কলকাতাৰ । বেটিঙত আছে ৰাহানে আৰু মনিছ পাণ্ডে ।

  • 07 May 2025 08:01 PM (IST)

    ৬ অভাৰৰ অন্তত কলকাতাৰ ৰান ৬৭ 

    ৬ অভাৰৰ অন্তত কলকাতাৰ ৰান ৬৭  । এটা উইকেটৰ পতন । বেটিঙৰত আছে ৰাহানে আৰই নাৰিন ।

  • 07 May 2025 07:50 PM (IST)

    কলকাতাৰ প্ৰথমটো উইকেট পতন

    কলকাতা নাইট ৰাইডাৰ্ছে হেৰুৱালে প্ৰথটো উইকেট । ১১ ৰান সংগ্ৰহ কৰি আউট ৰহমানুল্লাহ গুৰবাজ।

  • 07 May 2025 07:33 PM (IST)

    কলকাতা নাইট ৰাইডাৰ্ছ প্লেইং একাদশ

    ৰহমানুল্লাহ গুৰবাজ, সুনীল নাৰিনে, অজিংক্য ৰাহানে, অংকৃশ ৰঘুবংশী, মনীষ পাণ্ডে, আন্দ্ৰে ৰাছেল, ৰিংকু সিং, ময়েন আলী, ৰমনদীপ সিং, বৈভৱ অৰোৰা, বৰুণ চক্ৰৱৰ্তী।

  • 07 May 2025 07:16 PM (IST)

    উৰভিল পেটেলৰ অভিষেক

    উৰভিল পেটেলে আই পি এলত অভিষেক ঘটাবলৈ সক্ষম হৈছে। চেন্নাই ছুপাৰ কিংছে তেওঁক শ্বেখ ৰছিদৰ ঠাইত প্লেইং এলেভেনত সুযোগ দিছে।

  • 07 May 2025 07:13 PM (IST)

    চেন্নাই ছুপাৰ কিংছৰ একাদশ

    আয়ুষ ম্হাত্ৰে, উৰভিল পেটেল, ডেভন কনৱে, ৰবীন্দ্ৰ জাডেজা, দেৱাল্ড ব্ৰেভিছ, আৰ অশ্বিন, এম এছ ধোনী, অংশুল কামোজ, নূৰ আহমেদ, খলিল আহমেদ, মথিছা পাথিৰানা।

  • 07 May 2025 07:07 PM (IST)

    প্ৰথমে বেটিং কৰিব কলকাতাই

    কলকাতাৰ অধিনায়ক অজিংক্য ৰাহানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভেংকটেশ আয়াৰক দলৰ পৰা বাদ দিয়া হৈছে ।

  • 07 May 2025 06:57 PM (IST)

    কলকাতা বনাম চেন্নাই

    কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আইপিএল ইতিহাসত চেন্নাই ছুপাৰ কিংছয়ে ১৯খন মেচত জয়লাভ কৰিছে । আনহাতে চেন্নাইৰ বিৰুদ্ধে কেকেআৰে ১১খন খেলত জয়লাভ কৰিছে।

জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...
শৰীৰত হিম'গ্ল'বিন কম থাকিলে কি কি লক্ষণ দেখা যায়? | Hemoglobin deficiency main big symptoms in body
কণ্ডম কিদৰে প্ৰস্তুত কৰা হয় ? কিনাৰ পূৰ্বে মনত ৰাখিব এই কথা
হাতলৈ আহিব ধন, হ’ব উন্নতি, মাথোঁ এইদৰে সন্তুষ্ট কৰক হনুমানক