TV9 ASSAM
পানী আমাৰ শৰীৰৰ বাবে অত্যন্ত ভাল। শৰীৰ হাইড্ৰেট কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী থাব লাগে। ওজন কম কৰিবলৈ খাদ্য খোৱাৰ পূৰ্বে এক গিলাচ পানী খাব লাগে আৰু খাদ্য খোৱাৰ আধাঘন্টা মান পাছলৈ পানী খাব নালাগে।
শৰীৰটো এক্টিভ ৰখা অতি আৱশ্যক। গতিকে প্ৰতিদিনে অন্তত ২০ মিনিট সময় খোজ কাঢ়িব পাৰে। ইয়াৰোপৰি ঘৰতে আপুনি কিছুমান যোগাসন কৰিব পাৰে। যোগাসনে মন আৰু শৰীৰ সুস্থ কৰি ৰাখে।
অত্যাধিত মিঠা খোৱা শৰীৰৰ বাবে বেয়া। গতিকে মিঠা খোৱা কমাই দিব লাগে। অৱশ্যে অন্য কোনো ৰোগ নাথাকিলে একদম এৰি দিব নালাগে। ইয়াৰোপৰি নিমখ খোৱাৰ পৰিমাণো নিয়ন্ত্ৰণত ৰাখিব লাগে।
টিভি চোৱাৰ সময়ত খাদ্য গ্ৰহণ কৰিব নালাগে। ইয়াৰ ফলত বেছিকৈ খাদ্য খোৱা যায়। ইয়াৰোপৰি খাদ্য খোৱাৰ পাছত অলপ সময় খোজ কাঢ়িব লাগে। খাদ্য খোৱাৰ লগে লগে শুব নালাগে।
মোবাইলক কথা পাতি থকাৰ সময়ত খোজ কাঢ়ি থকা অভ্যাস গঢ় দিয়ক। ইয়াৰ ফলত আপোনাৰ শৰীৰ এক্টিভ হৈ থাকিব আৰু ই ওজন হ্ৰাস কৰাত সহায়ত হৈ পৰিব।
পুৱাৰ চাহত চেনিৰ সলনি মৌ ব্যৱহাৰ কৰক। ইয়াৰোপৰি আপুনি গ্ৰীণ টি খাব পাৰে। গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। লগতে ই আমাৰ স্বাস্থ্যৰ বাবে ভাল। প্ৰতিদিনে পুৱা গ্ৰীণ টি খাব পাৰে।
প্ৰতি দুই ঘন্টাত স্বাস্থ্যসন্মত কিবা খোৱাৰ অভ্যাস গঢ় দিয়ক। ইয়াৰোপৰি জাংক ফুডৰ পৰা দূৰ থাকক। লগতে বেছি ফেট থকা খাদ্য পৰিহাৰ কৰক। আপুনি প্ৰতিদিনে ফল-মূল খোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক