শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বয়কট ট্ৰেণ্ডৰ মাজতে আজি ভাৰত-পাক মেচঃ ডুবাইত আজি পুনৰ হ’বনে পাকিস্তানৰ আত্মসমৰ্পণ!

চলিত এছিয়া কাপত অৱশ্যে দুয়োটা দলেই জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে প্ৰথম মেচত ইউ এ ইক মাত্ৰ ২৭টা বলৰ যুঁজত ৯ উইকেটত কৰিছিল। আনহাতে পাকিস্তানেও প্ৰথমখন মেচত ওমানক ৯৩ ৰানত পৰাস্ত কৰে। কিন্তু মেচখনত পাকিস্তানৰ বেটিং বিভাগ সফল হোৱা বুলিব নোৱাৰি।

বয়কট ট্ৰেণ্ডৰ মাজতে আজি ভাৰত-পাক মেচঃ ডুবাইত আজি পুনৰ হ’বনে পাকিস্তানৰ আত্মসমৰ্পণ!
আজি ভাৰত-পাকিস্তান মেচImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 14 Sep 2025 13:13 PM

সামাজিক মাধ্যমত শেহতীয়া কিছুদিন ধৰি ট্ৰেণ্ডিঙত আছে বয়কট শ্লগান এছিয়া কাপত ভাৰতপাকিস্তান মেচক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে এই বিশেষ প্ৰতিবাদ সাধাৰণতে ভাৰত আৰু পাকিস্তানৰ মেচৰ সময়ত অনুৰাগীৰ উৎকণ্ঠাৰ সমান্তৰালকৈ সময়ে সময়ে মেচ বৰ্জনৰ আহ্বান কোনো নতুন কথা নহয় দেশ দুখনৰ ৰাজনৈতিক সম্পৰ্কৰ আধাৰত এনে প্ৰতিবাদ বহুবাৰ দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ যেন শক্তিশালী ৰূপত উঠিছে মেচ বৰ্জনৰ আহ্বান আৰু কাৰ্যতঃ দেখা গৈছে এই আহ্বানৰ প্ৰতি সঁহাৰি

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছতে সৃষ্টি হোৱা যুদ্ধময় পৰিস্থিতিৰ বাবে পাকিস্তানৰ বিৰুদ্ধে সকলো পৰ্যায়তে সম্পৰ্ক ছিন্ন কৰাৰ দাবী উত্থাপন হৈছে দেশত ক্ৰিকেটৰ ক্ষেত্ৰতো এই ব্যৱধান ৰাখিবলৈ দাবী তুলিছিল সকলোৱে সেই অনুসাৰে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে মেচ খেলাৰ পৰা বিৰত থকা উচিত বুলি অধিকাংশ লোকেই মত প্ৰকাশ কৰিছে

ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলেই সদায়ে ক্ৰিকেট বিশ্বত তীব্ৰ উন্মাদনা পৰিলক্ষিত হয়। আৰু ইয়াৰ বাবেই ভাৰত-পাক মেচৰ টিকট মুকলি হোৱাৰ লগে লগে কিছু সময়ৰ ভিতৰতে সম্পূৰ্ণ টিকট বিক্ৰী হৈ যোৱা পৰিলক্ষিত হয়। কিন্তু এইবাৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবেই হয়তো মেচৰ প্ৰায় আধাসংখ্যক টিকট বিক্ৰী হোৱা নাই বুলি খবৰ পোহৰলৈ আহিছে।

কিন্তু সকলো প্ৰতিবাদ আৰু বিৰোধিতাৰ মাজতে আজি ডুবাইত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নামিবলৈ সাজু হৈছে ভাৰতীয় দল। স্বাভাৱিকতেই ভাৰতীয় দলে আজিৰ মেচত জয়েৰে প্ৰতিবাদী অনুৰাগীক সামান্য লেও ক্ষান্ত কৰাৰ চেষ্টা চলাব শেহতীয়া প্ৰদৰ্শন তথা শক্তিৰ আধাৰত অৱশ্যে এইক্ষেত্ৰত ভাৰতীয় দল সফল হোৱাৰ সম্ভাৱনাই অধিক

চলিত এছিয়া কাপত অৱশ্যে দুয়োটা দলেই জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে প্ৰথম মেচত ইউ ইক মাত্ৰ ২৭টা বলৰ যুঁজত উইকেটত কৰিছিল আনহাতে পাকিস্তানেও প্ৰথমখন মেচত ওমানক ৯৩ ৰানত পৰাস্ত কৰে। কিন্তু মেচখনত পাকিস্তানৰ বেটিং বিভাগ সফল হোৱা বুলিব নোৱাৰি সেয়ে বুমৰাহ, কুলদীপ, বৰুণৰ দৰে বলাৰৰ সন্মুখত পাকিস্তানী বেটিং লাইন আপ কঠিন পৰীক্ষাৰ সন্মুখীন

উল্লেখ্য যে টি-২০ ফৰ্মেটত দুয়োটা দলৰ মুখামুখিত ভাৰতীয় দলেই আধিপত্য বিস্তাৰ কৰি আহিছে। এইপৰ্যন্ত ভাৰত আৰু পাকিস্তান টি-২০ত ১৩ খন মেচত মুখামুখি হৈছে। ইয়াৰে ১০ খন মেচতে ভাৰতে জয়লাভ কৰিছে। আনহাতে পাকিস্তান জয়ী হৈছে মাত্ৰ ৩ খন মেচত। প্ৰথমবাৰৰ বাবে দুয়োটা দল এই ফৰ্মেটত ২০০৭ চনৰ টি-২০ বিশ্বকাপত মুখামুখি হৈছিল।

কিন্তু এই দীঘলীয়া সময়ছোৱাত পাকিস্তানে জয়ী হোৱা ৩ খন মেচৰ ভিতৰত দুখন হৈছে যোৱা চাৰি বছৰৰ ভিতৰত। সেই দিশৰ পৰা পাকিস্তানৰ মনোবল কিছু বৃদ্ধি পাব পাৰে যদিও দল দুটাৰ শেহতীয়া শক্তি তথা প্ৰদৰ্শনৰ দিশৰ প্ৰতি লক্ষ্য কৰিলে ভাৰতেই আজিৰ মেচত জয়ৰ পূৰ্ণ দাবীদাৰ। অৰ্থাৎ যদি শক্তি অনুসাৰে ভাৰতীয় দলে প্ৰদৰ্শন আগবঢ়াব পাৰে, ডুবাইত আজি আত্মসমৰ্পন কৰিব লাগিব পাকিস্তানে!