শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Uruka 2026: উৰুকা কেতিয়া? মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো মনত আছেনে?

কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে।

Uruka 2026: উৰুকা কেতিয়া? মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো মনত আছেনে?
উৰুকা Image Credit source: sikkim express
Barasha Misra
Barasha Misra | Published: 09 Jan 2026 18:03 PM

অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় । উৰুকাৰ পাছৰ দিনটো সমগ্ৰ ৰাজ্যতে মাঘ বিহু হিচাপে পালন কৰা হয়।

কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা। সকলোৰে হেঁপাহ উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ। ভোগালীত প্ৰতিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। এইবাৰ ১৩ জানুৱাৰী মঙলবাৰে মাঘ বিহুৰ উৰুকা পৰিছে। গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায় আৰু পিছত সকলোৱে মেজি জ্বলায়। ইয়াৰ উদ্দেশ্য-শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা।

মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো হৈছে-

অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হতাশনম,

সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ।।

দোক্‌মোকালিৰ সময়ত এজনে গা-পা ধুই এযোৰ পাণ-তামোল আৰু টকা এটা মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। তাৰ পিছত মাহ কৰাই-ধুপ দি সেৱা কৰে আৰু লাৰু-পিঠা খায়। অগ্নিক দিয়াৰ পিছতহে মাহ কৰাই সকলোৱে খাই। মাহ কৰাই খোৱাৰ সময়ত গাঁৱৰ শিশুসকলে আৰু ৰাইজে মিলি আনন্দতে গীত জুৰে-

মাহ কৰাই খাওঁ বাটে বাটে যাওঁ,

আমাৰ লগত যি যায় তাকো এগাল দিওঁ।