Durga Puja: আজি ষষ্ঠী, বেল বৰণেৰে বেদীত প্ৰতিষ্ঠা কৰিব মা দুৰ্গাক
আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী - পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব ৷ এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ'ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা।

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠী। আজি ষষ্ঠীৰ বেদীত দেৱীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। এইবাৰ অত্যন্ত শুভ কাৰণ হাতীত উঠি আহিব দেৱী আদিশক্তি। বিশ্বাস কৰা হয় যে এই বছৰে সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনিব।
এইবছৰ ২২ ছেপ্তেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে। পঞ্চমী – ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ ( সময় ০৩:৪৮ বজাৰ পৰা ০৬:১২ বজালৈ), ষষ্ঠি – দেওবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৫, সপ্তমী ২৯ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ, অষ্টমী ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰ ( পূজাৰ সময় ২৯ ছেপ্টেম্বৰৰ বিয়লি ৪:৩১ বজাত আৰু ৩০ ছেপ্টেম্বৰত সন্ধিয়া ৬:০৬ বজাত শেষ হ’ব)। নৱমী ১ অক্টোবৰ ২০২৫ বুধবাৰ (মহানৱমী পূজাৰ সময় ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:০৬ বজাত আৰু ১ অক্টোবৰৰ সন্ধিয়া ৭:০১ বজাত শেষ হ’ব)। দশমী ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰ (দুৰ্গা বিসৰ্জন মুহুৰ্তা – পুৱা ৬:১৫ বজাৰ পৰা ৮:৩৭ বজালৈ)।
জনবিশ্বাস অনুসৰি আজি গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী – পৰিয়ালৰ সৈতে মা দুৰ্গাৰ সৈতে এনিশা থাকিব ৷ এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ’ব দেৱীৰ প্ৰতিমা। ইয়াৰ লগে লগেই আৰম্ভ হ’ব পাঁচদিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ।
পূজাৰ নিয়ম অনুসৰি, ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব।