পাকঘৰৰ এইসমূহ নিয়ম নামানিলেই দৰিদ্ৰতাই আগুৰিব আপোনাৰ ঘৰ! বাস্তুৱে দিছে সকীয়নি, জানিবলৈ চাওক
পাকঘৰৰ এই নিয়মবোৰ পালন নকৰিলে ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ আৰম্ভ কৰে বুলি বাস্তু শাস্ত্ৰত উল্লেখ কৰা হৈছে। লগতে ঘৰখনৰ সদস্যসকলে অসুস্থতাত ভোগে বা স্বাস্থ্যৰ অৱনতি ঘটে। গতিকে কেতিয়াও উলংঘা কৰিব নলগা পাকঘৰৰ সৈতে জড়িত বাস্তু নিয়মসমূহ জানো আহক।
বাস্তু শাস্ত্ৰই মানৱ জীৱনত বিশেষ স্থান গ্ৰহণ কৰি আহিছে। প্ৰগতিৰ দিশত আগবঢ়াৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দৈনন্দিন জীৱনৰ ভিন্ন দিশত বাস্তু শাস্তুৱে নানা পৰামৰ্শ আগবঢ়াই হৈছে। সপোনৰ ঘৰটি নিৰ্মাণৰ সময়তো বাস্তু নীতিৰ অনুসৰণ কৰা হয়। বাস্তু শাস্ত্ৰই ঘৰৰ প্ৰতিটো কোণৰ বাবে সঠিক নিয়মৰ ৰূপৰেখা দাঙি ধৰে। পাকঘৰটোক ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। বাস্তু শাস্ত্ৰই পাকঘৰক লৈও বহু নীতি-নিয়ম বাখ্যা কৰিছে। ঘৰ এখনৰ প্ৰগতিৰ ক্ষেত্ৰত এই নিয়মসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হয়।
পাকঘৰৰ এই নিয়মবোৰ পালন নকৰিলে ঘৰত দৰিদ্ৰতাই বাস কৰিবলৈ আৰম্ভ কৰে বুলি বাস্তু শাস্ত্ৰত উল্লেখ কৰা হৈছে। লগতে ঘৰখনৰ সদস্যসকলে অসুস্থতাত ভোগে বা স্বাস্থ্যৰ অৱনতি ঘটে। গতিকে কেতিয়াও উলংঘা কৰিব নলগা পাকঘৰৰ সৈতে জড়িত বাস্তু নিয়মসমূহ জানো আহক-
অপৰিষ্কাৰ বাচন-বৰ্তন নাৰাখিব
নিশাৰ আহাৰ খোৱাৰ পিছত বাচন-বৰ্তন পাকঘৰত থৈ দিব নালাগে। তেনে কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে। অপৰিষ্কাৰ বাচন-বৰ্তন পাকঘৰত দীৰ্ঘ সময় ধৰি ৰখাটো বাস্তু শাস্ত্ৰত অনুচিত বুলি গণ্য কৰা হয়। ইয়াৰ ফলত দেৱী লক্ষ্মী ক্ষুব্ধ হ’ব পাৰে।
পাকঘৰত ঔষধ নাৰাখিব
স্বাস্থ্যৰ বাবে ঔষধ অতি প্ৰয়োজনীয় যদিও পাকঘৰত ঔষধ ৰাখিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে পাকঘৰত ঔষধ ৰাখিলে পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে, সঘনাই অসুস্থতাৰ সন্মুখীন হ’ব পাৰে, আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে।
ভঙা বাচন-বৰ্তন নাৰাখিব
ভঙা বাচন-বৰ্তন কেতিয়াও পাকঘৰত ৰাখিব নালাগে। পাকঘৰত ভঙা বাচন-বৰ্তন ৰাখিলে ঘৰৰ সমৃদ্ধিত বাধা আহিব পাৰে আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশে আগবঢ়া কাম বিফল হ’ব পাৰে।
ডাষ্টবিন আৰু ঝাড়ু নাৰাখিব
পাকঘৰত কেতিয়াও ডাষ্টবিন আৰু ঝাড়ু ৰাখিব নালাগে। এই বস্তুবোৰ পাকঘৰত ৰাখিলে জীৱনৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু অত্যধিক ঋণে আগুৰি ধৰিব পাৰে।
বিশেষ দ্ৰষ্টব্যঃ উপৰোক্ত মতামতসমূহ সম্পূৰ্ণৰূপে ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। এইক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত প্ৰকাশ কৰা নাই।