Vastu Tips: নহয় ধনৰ অভাৱ, লাভ কৰিব মা লক্ষ্মীৰ কৃপা! মাত্ৰ ঘৰত ৰাখক এই বস্তু…
Vastu Tips: বাস্তু শাস্ত্ৰত মানুহৰ বিভিন্ন সমস্যাৰ সমাধানৰ বিষয়ে উল্লেখ আছে। কোৱা হয়, বাস্তু নিয়ম মানি চলিলে জীৱনত কেতিয়াও সমস্যা নহয়। ইয়াৰোপৰি কিছুমান উপায়ে মানুহৰ আৰ্থিক সংকট দূৰ কৰে।
হিন্দু ধৰ্মত মা লক্ষ্মীক উচ্চ স্থান দিয়া হৈছে। কোৱা হয়, মা লক্ষ্মী সন্তুষ্ট হ’লে জীৱনত কেতিয়াও আৰ্থিক সমস্যা নহয়। সদায় ঘৰৰ উন্নতি হয় আৰু ধন-সম্পত্তিৰে ভৰি পৰে। কিন্তু মা লক্ষ্মী অসন্তুষ্ট হ’লে বিভিন্ন সমস্যা আহিব পাৰে। বাস্তু শাস্ত্ৰত মা লক্ষ্মীক সন্তুষ্ট কৰাৰ বিভিন্ন উপায় আছে। য’ত কোৱা হৈছে, ঘৰত কিছুমান বস্তু ৰাখিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু আৰ্থিক সমস্যা দূৰ হয়। এই বস্তুসমূহ ঘৰত ৰাখিলে সদায় ধন-সম্পত্তি বৃদ্ধি পায়।
কি ৰাখিব লাগে
ভগৱান কুবেৰৰ মূৰ্তিঃ ভগৱান কুবেৰক ধনৰ দেৱতা বুলি গণ্য কৰা হয়। ঘৰত কুবেৰৰ মূৰ্তি ৰখা ভাল। এনে কৰিলে কেতিয়াও ধনৰ অভাৱ নহয়। ইয়াৰোপৰি ঘৰলৈ ইতিবাচক শক্তিক আগমন হয়।
নাৰিকলঃ বাস্তু মতে ঘৰত নাৰিকল ৰাখিব লাগে। এনে কৰিলে ধন-সম্পত্তিৰ দুৱাৰ মুকলি হয়। ঘৰত কেতিয়াও আৰ্থিক সমস্যা নাহে। গতিকে নাৰিকল ৰখাতো শুভ।
ৰূপৰ বাঁহীঃ বাস্তু মতে ঘৰত ৰূপৰ বাঁহী ৰখা ভাল। ই ঋণাত্মক শক্তি দূৰ কৰে। এনে ঘৰত শ্ৰীকৃষ্ণই বাস কৰে। ইয়াৰোপৰি এই বাঁহী ঘৰত ৰাখিলে ধন-সম্পত্তি বৃদ্ধি হয়।
শংখঃ ঘৰত শংখ ৰখা ভাল। ইয়াক লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। শংখ ঘৰত ৰাখিলে লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায়। এনে ঘৰত কেতিয়াও আৰ্থিক সমস্যা নাহে। ধন-সম্পত্তি বৃদ্ধি পায়।
লক্ষ্মী-গণেশৰ মূৰ্তিঃ ঘৰত লক্ষ্মী-গণেশৰ মূৰ্তি ৰখাতো শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে জ্ঞান, ধন-সম্পত্তি বৃদ্ধি পায়। ইয়াৰোপৰি জীৱনলৈ সুখ আহে।
(ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)
অন্য খবৰ পঢ়কঃ শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, হাতলৈ আহিব ধন…