27 Nov 2025
TV9 ASSAM
প্ৰস্ৰাৱত অধিক ফেন অহা ৰোগৰ লক্ষণ হ'ব পাৰে। যেতিয়া বৃক্কই ভালদৰে প্ৰটিন ফিল্টাৰ কৰিব নোৱাৰে তেতিয়া প্ৰস্ৰাৱৰ দ্বাৰা ই বাহিৰ হয়। যাক প্ৰটিন ইউৰিয়া বুলি কয়।
এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পাতালৰ ডাঃ ৰোহিত কুমাৰে। তেওঁ কয় যে, সকলো সময়তে ফেনযুক্ত প্ৰস্ৰাৱ সাধাৰণ নহয়। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে সতৰ্ক হোৱা ভাল।
বেছি ফেনযুক্ত প্ৰস্ৰাৱ ক্ৰনিক কিডনী ৰোগৰ আৰম্ভণিৰ লক্ষণ হ'ব পাৰে। এই ৰোগৰ ফল বৃক্কই কাম-কাজ কমাই দিয়ে, আনকি বৃক্ক বিকল হ'ব পাৰে। এনে অৱস্থাত প্ৰস্ৰাৱত প্ৰটিন বাহিৰ হয়।
যেতিয়া ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পাই তেতিয়া ইয়াৰ প্ৰভাৱ বৃক্কত পৰে। এনে অৱস্থাত প্ৰস্ৰাৱৰ পৰা ফেন ওলাব পাৰে। ই ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।
যিসকল লোকে অহৰহ উচ্চ ৰক্তচাপৰ সমস্যাত ভোগে তেনে লোকৰ বৃক্কৰ কোষবোৰ দুৰ্বল হৈ যায়। যাৰ বাবে প্ৰস্ৰাৱত ফেন আহিব পাৰে।
ইউ টি আই সাধাৰণতে মহিলাসকলৰ বেছিকৈ হয়। এনে অৱস্থাত প্ৰস্ৰাৱত ফেন অহাৰ লগতে জলা-পোৰা, বিষ, বেয়া গোন্ধ, বাৰে বাৰে প্ৰস্ৰাৱ আদি সমস্যা হ'ব পাৰে।
এই ৰোগৰ বাবে শৰীৰত বহু পৰিমাণে প্ৰটিন জমা হয়। যিয়ে বৃক্কক প্ৰভাৱিত কৰে। এনে অৱস্থাত প্ৰস্ৰাৱত ফেন আহে।
পঢ়িবলৈ ক্লিক কৰক