শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যেতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো ৰাশিৰে প্ৰতি দিনত বেলেগ বেলেগ যোগ থাকে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমান সাৱধান হৈ থকা দৰকাৰ।

Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 May 2025 06:00 AM

আজি ২ মে’ শুকুৰবাৰ। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানে সাৱধান হোৱা ভাল। ৰাশিফল অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব। চাওক আজিৰ ৰাশিফল-

 

মেঘ ৰাশিঃ আজিৰ দিনটোত আপুনি কোনো নতুন বন্ধু লগ পাব। ৰাজনীতিৰ লগত জড়িতসকলে কোনো ভাল খবৰ লাভ কৰিব। বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱা আছে। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়া ভাল। পৰিয়ালৰ সৈতে সময় পাৰ কৰিব। কাম সম্পূৰ্ণ কৰাত সমস্যা আহিব পাৰে। ঋণ লোৱাৰ প্ৰয়োজন আহিব পাৰে। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। লাভ হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী কামত সাৱধান হ’ব। বাহন চলাওতে সাৱধান হ’ব। খং কৰাৰ পৰা বিৰত থাকক । সংগীয়ে যিকোনো কামতে আপোনাক সহায় কৰিব। মনৰ ইচ্ছা পূৰণ হ’ব। আপোনাৰ আয়ৰ নতুন পথ মুকলি হ’ব পাৰে। যাক লৈ আপুনি সুখী হ’ব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে চলিব। ভাবি-চিন্তি কাম কৰিব। ভাগ্যৰ ভৰসাত নাথাকিব। কোনো কাম সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। আপোনাৰ কোনো লক্ষ্য পূৰণ হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। কোনো পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত কাৰোবাৰ বেমাৰ হ’ব পাৰে। স্বাস্থ্য ভাল যাব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আত্মবিশ্বাস বৃদ্ধি পাব। ভ্ৰমণৰ সম্ভাৱনা আছে কিন্তু যাত্ৰা কৰাত সাৱধান হ’ব। কামৰ ক্ষেত্ৰত এলাহ নকৰিব। আনক বেয়া ব্যৱহাৰ নকৰিব। কথা কোৱাৰ আগতে চিন্তা কৰিব। পুৰণি ভুলৰ পৰা শিকা ভাল। স্বাস্থ্য ভালে যাব। প্ৰেমত শুভ। পুৰণি বন্ধুক লগ পাব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটোৱে কোনো ভাল খবৰ লৈ আনিব। কৰ্মক্ষেত্ৰত কোনো নতুন দায়িত্ব লাভ কৰিব। চাকৰিৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। সম্পত্তি সম্পৰ্কীয় কোনো বিবাদ হ’ব পাৰে। আপোনাৰ কোনো প্ৰিয় বস্তু যদি হেৰাইছিল সেয়া পাব পাৰে। দীৰ্ঘদিন ধৰি কৰা পৰিকল্পনাই গতি লাভ কৰিব। নেতৃত্ব বাঢ়িব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ধন বিনিয়োগ কৰাত সাৱধান হ’ব। খৰচৰ ক্ষেত্ৰত সাৱধান হ’ব। কোনো সিদ্ধান্ত লোৱাত সমস্যা দূৰ হ’ব। ঘৰলৈ কোনো আলহী আহিব পাৰে। ধৰ্মীয় কামত ৰুচী বৃদ্ধি পাব। দান কৰাৰ ক্ষেত্ৰত অধিক ধন ব্যয় হ’ব। বিদ্যাৰ্থীসকলৰ ভাল।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আধুনিক বিষয়ত মনোযোগ বাঢ়িব। নিজৰ প্ৰতিভাৰ ওপৰত কাম কৰাৰ প্ৰয়োজন। চেষ্টাৰ ফলত লক্ষ্যত অৱতীৰ্ণ হ’ব পাৰিব। শিক্ষাৰ্থীসকল চিন্তিত হ’ব পাৰে। জ্যেষ্ঠজনৰ কথা মানি চলা দৰকাৰ। চাকৰিয়ালসকলে কোনো কামৰ বাবে বাহিৰত যাব লাগিব পাৰে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। বন্ধু লগ পাব। ব্যক্তিগত বিষয়ে উন্নতি লাভ কৰিব। আয় আৰু ব্যয়ৰ মাজত ভাৰাসাম্য বজাই ৰাখিব। আৰ্থিক স্থিতি ভাল। পৈত্ৰিক সম্পত্তি সম্পৰ্কীয় বিবাদত জয় লাভ কৰিব। কোনো সম্পদ ক্ৰয় কৰিব পাৰে। ব্যৱসায়ীসকলে ভাল খবৰ লাভ কৰিব পাৰে।

ধনু ৰাশিঃ আজি আপোনাৰ স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। এলাহ দূৰ কৰি কামত মনোনিবেশ কৰা দৰকাৰ। চাকৰিৰ ক্ষেত্ৰত ভাল। জ্যেষ্ঠজনে প্ৰশংসা কৰিব আৰু আপোনাৰ পৰামৰ্শই গতি লাভ কৰিব। কোনো নতুন কাম কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব চেষ্টা কৰিব। প্ৰেমত শুভ। ব্যৱসায়ীৰ ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ ভাল বেয়া ফল আনিব। পৰিয়ালৰ দিশটো শুভ আৰু ঘৰত কোনো ধৰ্মীয় কামৰ আয়োজন হ’ব পাৰে। ভাই-ভগ্নীৰ সৈতে ভাল। অৱশ্যে কোনো লোকচানৰ বাবে মন অশান্ত হৈ থাকিব পাৰে। বাহন চলাওতে সাৱধান। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। আলহী অহাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপুনি উন্নতি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ কোনো পৰিবৰ্তন হ’ব পাৰে। কৰ্মক্ষেত্ৰত ভাল, পুৰস্কাৰ পাব পাৰে। সুখী থাকিব দিনটো। সন্তানৰ পৰা সুখ লাভ কৰিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। কাৰণ নোহোৱাকৈ কাজিয়া নকৰিব। নিজৰ কাম কৰি যাব। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজিৰ দিনটোত ব্যৱসায়ীসকলে সাৱধান হোৱা দৰকাৰ। পৰিয়ালৰ কোনো কথাত ধৈৰ্য ধৰি আগবঢ়া ভাল। চাকৰিৰ চেষ্টা চলাই থকাসকলে ভাল খবৰ পাব পাৰে। কোনো কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিব। নথি পত্ৰ পৰীক্ষা কৰিব লোৱা দৰকাৰ। ভ্ৰমণৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ ভাল।